স্বাধীনতাৰ অক্ষয় আলোকযাত্ৰা
পৰীণিতা দেৱী
খ’ৰা গুৱাল গাওঁ
লক্ষীমপুৰ,বিহপুৰীয়া
লক্ষীমপুৰ,বিহপুৰীয়া
স্বাধীনতাৰ পবিত্ৰ পতাকা প্ৰভাতৰ পুণ্য কিৰণৰ
আকাশত জ্যোতিষ্মান।
ৰক্ত-অশ্ৰু সিঞ্চিত পুণ্য পথত,
মুক্তিৰ ধ্বনিৰে ভূমি স্পন্দিত
মহাত্মা গান্ধীৰ অহিংসাৰ পৱিত্ৰ প্ৰতিজ্ঞা,
নেতাজী সুভাষৰ অগ্নিময় আহ্বান,
ভগৎ সিংৰ অক্ষয় বীৰদৰ্শন
চন্দ্ৰশেখৰ আজাদৰ পুণ্য বলিদান
লালা লাজপত, বাল গংগাধৰ তিলক,
বিপ্লৱৰ জ্যোতি গোপাল কৃষ্ণ গোখলে,
সৰোজিনী নাইডুৰ স্নিগ্ধ জাগৰণ,
অমৰ গাঁথা জীৱন্তেৰে ৰাখিলে। অসমৰ পৱিত্ৰ ধৰণীত
জ্বলি উঠিল স্বাধীনতাৰ জ্যোতি
বীৰত্বৰ জ্যোতিৰে উদ্ভাসিত ধৰণী,
কমলাপ্ৰসাদ, ভূপেন দাৰ অমৰ সুৰেৰে,
জননীপ্ৰেমৰ গৌৰৱময় কীৰ্তন গাঁথা।
স্বাধীনতাৰ জ্যোতিতে প্ৰাণ জাগৰণ,
সাহিত্যৰ সুৰেৰে জ্বলি উঠা পৱিত্ৰ নিদৰ্শন,
কবিতাৰ কলমেৰে
বিৰচিত মহান ইতিহাস,
ৰাষ্ট্ৰপ্ৰেমৰ চিৰন্তন ব্যাকুলতা।
স্বাধীনতাৰ জ্যোতিতে প্ৰাণ জাগৰণ,
কাব্যৰ মাধুৰীত গঠিত জননীৰ মহাৰণ,
ত্যাগৰ গৌৰৱৰ অনন্ত কাহিনী,
চিৰদিন বিশ্বমঞ্চত থাকক জিলিকি ।