স্বাগতম নৱবৰ্ষ
স্বাগতা বৰুৱা গোস্বামী
শীতৰ আগমনৰ লগে লগেই বোৱাই আনে সকলোৰে মনত এক এক মিঠা অনুভৱ। শীত যেন নহয় কেৱল এটি ঋতু।ই সোঁৱৰণীৰ এক সেউজ দলিচা।ঘন কুঁৱলী জনীয়ে যেন ন-কইনাৰ সাজেৰে নিজকে ঢাকি ৰাখে আৰু তাইৰ সেই সুন্দৰ মাদকতা আমি উদযাপন কৰো।ৰ’দৰ প্ৰথম স্পৰ্শত যেন তাই মিচিকিয়া হাঁহি মাৰি ওৰণি গুচাই।তাকে চাই আমাৰ খেতিয়ক ককাই হতেও নিজৰ উদং ভঁৰাল পূৰ্ণ কৰোৱাৰ আপ্ৰাণ চেষ্টা কৰে।সৰিয়হ ফুলেও নিজকে সজাই তোলে আৰু এনে সময়তে কবি সাহিত্যিকৰ কাপেৰে নিগৰিত হয় কিছু অনুভৱৰ দলিচা।লখিমী ঘৰলৈ সোমোৱাৰ পৰা বনভোজ, ভোগালীৰ ভোজ ভাতলৈকে শীতে আমাক কি দিয়া নাই। বাৰিষাৰ বৰষুণে সৃষ্টি কৰা হাবি- জংঘল যেন শীতৰ ৰুক্ষতাই নাইকিয়া কৰে।চাৰিওফালে মুকলি। এই শীতেই আমালৈ লৈ আহে এটা নতুন উদ্যম। যাৰ নামেই হ’ল নতুন বছৰ।
পল অনুপল কৰি দিন বোৰো যায় বাগৰি।সচাঁই সৌ সিদিনা ২০২৫ চনৰ আৰম্ভণি হৈছিল হে কিন্তু ভাবিলে আচৰিত লাগে যে আমি আহি আহি পুনৰ এটা নতুন বছৰক আদৰিবলৈ সাজু হৈছোহি।সময় এইদৰেই যায় নে??মনলৈ এটা প্ৰশ্ন আহে,আজিকালি বাৰু সময় বেছি সোনকালে যায় নেকি?নে আমি বেছি ব্যস্ত হৈ পৰিছো।কিন্তু কি কামত ইমান ব্যস্ত হৈছো??কিন্তু দিনটোৰ শেষত দিনটোত কি কৰিলো বুলি ঘূৰি চালে দেখো একো নতুনত্ব নাই সেই একেই গতানুগতিক কৰ্ম। তেতিয়া মুখমণ্ডলত এটি হাহিঁ বিৰিঙি আহে যাৰ নাম I am Busy… but busy for nothing। যিমানেই দিনবোৰ বাগৰিছে সিমানেই যেন মধুময় অতীতবোৰ মনলৈ উভতি আহে।সেই যে বছেৰেকীয়া পৰীক্ষা শেষ কৰি আইতাহতঁৰ ঘৰলৈ যোৱা দিনবোৰ।কমনো মৰম কৰিছিল নে আইতা,ককাহঁতে।মোৰ পৰীক্ষা শেষ হ’লেই হয় ,মামা নহয় মাহীয়ে গৈ যোৰহাটৰ পৰা তিতাবৰলৈ লৈ আহে।মই যাম বুলি গ্ৰন্থমেলাৰ পৰা মাহীহঁতে কিতাপ কিনি থৈ দিয়ে।এনেই ঘৰত মায়ে কিমান অনুৰোধ কৰে এখন কিতাপ পঢ়িবলে।আইতাৰ ঘৰ পোৱাৰ লগে লগে কিন্তু মোক কোনেও ক’বই নালাগে।ককাৰ লগত আগফালে চোতালত পিঠিত ৰ’দ পেলাই বহুত কিতাপ পঢ়ো।সেইকেইদিন যেন তেওঁলোক মোক লৈয়ে ব্যস্ত। কি খুৱাব,মই থাকোতেই মোলৈ চুৱেটাৰটো গুঠি হ’বগৈ নাই ইত্যাদিত বহুতো।নিজকে ৰাণীযেন অনুভৱ হয়।উফ কি যে দিন।শীতৰ দিনকেইটাত এইবোৰ কথা ভাবিলে যেন মই নষ্টালজিক হৈ পৰো।
এতিয়া সময় নতুনক আদৰাৰ।কালৰ বুকুত হেৰাই যায় সেই পুৰণা বছৰটো ৩৬৫ টা দিন।ৰৈ যায় মাথোন সোঁৱৰণী। তথাপিও এই নতুন নামৰ তিনিটি শব্দত এক যাদু আছে।যাক পাবৰ কাৰণে সকলোৰে থাকে এক হাবিয়াস,সুকীয়া আগ্ৰহ। ইয়াৰ প্ৰতিটো ক্ষণতে আছে এক নতুনত্ব। সকলোৱেই ভাবে যে নতুন বছৰটোত আমি ৰৈ যোৱা কৰ্ম খিনি আৰু উদ্যমেৰে কৰি যাম।নাথাকিব কোনো দুখ বেদনা বা অপ্ৰাপ্তি ,থাকিব কেৱল সূখ,প্ৰাপ্তি আৰু আনন্দৰ এটি মিচিকিয়া হাঁহি।শেষত সকলোলৈকে ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনোৱাৰ লগতে নতুন বছৰে সকলোৰে বাবে লৈ আহক অপাৰ সুখানুভূতি।তাৰেই কামনা কৰিলোঁ।
