স্বয়ংক্রিয় মেছেজেৰে সতৰ্কীকৰণ ব্যৱস্থা মুকলি শিক্ষা বিভাগৰ

স্বয়ংক্রিয় মেছেজেৰে সতৰ্কীকৰণ ব্যৱস্থা মুকলি শিক্ষা বিভাগৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত ছাত্র-ছাত্ৰীৰ অনুপস্থিতি হ্রাস কৰাৰ বাবে স্বয়ংক্রিয় এছএমএছ (মেছেজ) সতর্কতা ব্যৱস্থা আৰম্ভ কৰিছে সর্বশিক্ষা অভিযানে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে এই স্বয়ংক্রিয় এছএমএছ (মেছেজ) সতর্কতা ব্যৱস্থা মুকলি কৰে। ইয়াৰ জৰিয়তে  বিদ্যালয়ত অনুপস্থিত থকা ছাত্র-ছাত্রীসকলক বিদ্যালয়লৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে। সংবাদ মেলযোগে এই ব্যৱস্থা সন্দৰ্ভত মন্তব্য কৰি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে এই প্রযুক্তিচালিত পদক্ষেপ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি শক্তিশালী কৰাৰ দিশত, শৈক্ষিক ধাৰাবাহিকতা প্ৰসাৰিত কৰাৰ দিশত আৰু ৰাজ্যৰ সকলো বিদ্যালয়তে ড্রপ আউটৰ শংকা হ্রাস কৰাৰ দিশত সময়োপযোগী, কেন্দ্রীভূত হস্তক্ষেপ সক্ষম কৰাৰ দিশত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ। বিদ্যালয় শিক্ষা বিভাগৰ মতে, এই ব্যৱস্থাই একেৰাহে পাঁচ দিন ধৰি অবিৰতভাৱে অনুপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মানক এছএমএছৰ সূচনা হ’ব। এই সতর্কবাণীসমূহ নির্দিষ্ট পাঁচ দিনৰ ব্যৱধানত (অর্থাৎ অনুপস্থিতিৰ ৫, ১০, ১৫… দিন) স্বয়ংক্রিয়ভাৱে সৃষ্টি কৰা হ’ব আৰু সংশ্লিষ্ট ছাত্রজনে পুনৰ উপস্থিতি আৰম্ভনকৰালৈকে চলি থাকিব, যাৰ ফলত পৰিয়াল আৰু বিদ্যালয়ৰ সৈতে স্থায়ীভাবে জড়িত হোৱাটো নিশ্চিত হ’ব।

এই এছএমএছ বা মেছেজসমূহ কাষ্টমাইজ কৰা হৈছে আৰু একেলগে দুজন মূল অংশীদাৰলৈ প্ৰেৰণ কৰা হ’ব। শ্রেণী শিক্ষকসকলে প্ৰেৰণ কৰিব লগা এছএমএছ বা মেছেজৰ জৰিয়তে সংশ্লিষ্ট ছাত্ৰৰ নাম, শ্ৰেণী আৰু ছেকচন বা শ্ৰেণীৰ শাখা স্পষ্টভাৱে উল্লেখ কৰি কেন্দ্ৰীভূত সতর্কবাণী লাভ কৰিব; যাৰ ফলত তেওঁলোকে ছাত্র-ছাত্রীসকলক বিদ্যালয়লৈ ঘূৰাই আনিবলৈ অভিভাৱকৰ সৈতে যোগাযোগ কৰিব পাৰিব। আনহাতে অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ অনুপস্থিতি অব্যাহত থকাৰ সন্দৰ্ভত প্রত্যক্ষ বা পৰোক্ষভাৱে সংক্ষিপ্ত খবৰ বাৰে বাৰে লাভ কৰি থাকিব। যাৰ ফলত অভিভাবকসকলে তেওঁলোকৰ সন্তানক বিদ্যালয়লৈ প্ৰেৰণ কৰিবলৈ বাধ্য হ’ব। সর্বশিক্ষা অর্থাৎ সমগ্র শিক্ষা বিভাগৰ তথ্য অনুসৰি ৰাজ্যখনৰ ভাষিক বৈচিত্র্যৰ কাৰণে এছএমছএ বা মেছেজসমূহ অসমীয়া, বাংলা, বড়ো, হিন্দী আৰু ইংৰাজীত প্ৰেৰণ কৰা হ’ব।