স্বমত – জ্যোতি খাটনিয়াৰ

স্বমত

১. অন্তৰ্মুখী যাত্ৰা
২. মনৰ কিতাপ

জ্যোতি খাটনিয়াৰ

এতিয়া গ্ৰন্থৰ ঋতু। ৰাজ্যখনৰ কেউফালে সকলো শিক্ষিত মানুহৰ হাততেই নতুন কিতাপৰ গোন্ধ লাগি থকাৰ সময়। সত্যনাথ বৰা তাহানিয়েই কৈ গৈছিল যে পুথি অধ্যয়ন থুপাই থোৱা বিদ্যাৰ লেখীয়া। কিন্তু অকল কিতাপেই নহয়, প্ৰতিগৰাকী মানুহেই জীৱনত অহৰহ কিবা নহয় কিবা পঢ়ি থাকে। মানুহৰ লগত কথা পাতোতে, বজাৰ সমাৰ কৰোতে, বস্তুৰ দৰ দাম কৰোতে , দোকান দিওতে, কাৰ্য্যালয়লৈ যাওঁতে দৰাচলতে এই পঢ়া কামটো চলি থাকে। মানুহে নিজৰ জীৱনটোকো অহৰহ পঢ়ি থাকে। অহৰহ মানুহে কিবালৈ অপেক্ষা কৰি থাকে। বয়সত, স্বাস্থ্যজনিত কাৰণত হুইলছেয়াৰত বা বিছনাত থাকিবলগীয়া মানুহৰ মনেও এই পঢ়া কামটো কৰি থাকে। এই পঢ়াৰ প্ৰকৃতি বেলেগ। শিক্ষানুষ্ঠানত পঢ়ি মাৰ্কশ্বিট যোগাৰ কৰাৰ সৈতে এই পঢ়াক পোনপটীয়াকৈ তুলনা কৰিব নোৱাৰি। বহু সময়ত স্মৃতিৰ বাটেদি এনেকুৱা পঢ়ুৱৈ নামি যাবলগীয়া হয়। অশীতিপৰ এজন লোকে স্মৃতিৰ জগতত ভুমুকিয়াই চাব খোজে তেওঁ জীৱনত কি কৰিলে কি নকৰিলে।

প্ৰগতিৰ লগে লগে এনেদৰে জীৱনক পঢ়াৰ ক্ষেত্ৰত পৰিবৰ্তন নামি আহিল। সমাজৰ বিভিন্ন স্তৰতো এই পৰিবৰ্তন প্ৰতিফলিত হ’ল। বহু হাজাৰ বছৰ আগেয়ে গুহাৰ বাহিৰত , জুইৰ কাষত জীৱনটোক পঢ়িবলৈ আৰম্ভ কৰিছিল। আজি কল্পনা কৰিব নোৱাৰা এই সহজ সৰল জীৱনত মানুহে এনেদৰে পঢ়িবলৈ লোৱা বিষয়বোৰ আছিল একেবাৰে সহজ। সেয়া আছিল, দিনটোৰ শেষত, ৰাতিৰ সময়ত হয়তো চিকাৰ কৰি অহা মানুহৰ কাহিনী। পৃথিৱীৰ বহু প্ৰাচীন গুহা চিত্ৰত সেই সময়ৰ মানুহৰ মনৰ বতৰা সংৰক্ষিত হৈ আছে। প্ৰখ্যাতইতিহাসবিদ আৰু প্ৰত্নতাত্বিক ভি গৰ্ডন চাইল্ডে আঙুলিয়াই দিছে এই সময়ৰ এখন সমাজত ষাঠীজনমানহে পৰিয়াল আছিল। সভ্যতাৰ এই স্তৰত মানুহে নিজকে বিশেষ মৌলিক প্ৰশ্ন সোধাৰ প্ৰস্তুতি নাছিল। জীৱন আৰু জগতৰ পক্ষে গভীৰ সৃষ্টিমূলক দৃষ্টি গঢ়ি উঠাৰ সেয়া সময় নাছিল। ফলস্বৰূপে, জটিল চিন্তাৰ কথা সেইখিনি মানুহৰ মাজত বিচাৰি পোৱাৰ কথা আহিবই নোৱাৰে। আধুনিক মানুহে অহৰহ জটিলতাৰ সন্মুখীন হৈ থাকে। এই জটিলতা অকল আধুনিক মানুহৰ বুলি ভাবিলে অৱশ্যে বৰ এটা শুদ্ধ কথা নহ’ব। কাৰণ আজিৰ পৰা প্ৰায় ২৫০০ বছৰ আগতেও মানুহ এনেবোৰ সমস্যাৰ সন্মুখীন হৈছিল। তাৰ উত্তৰ দিয়াৰ প্ৰয়াসো কৰিছিল। ইয়াৰ সৰ্বোত্তম উদাহৰণটো হ’ল গৌতম বুদ্ধ। পূৰ্ণিমাৰ এটা বিশেষ ৰাতি সংসাৰৰ দুখৰ কাৰণ বিচাৰি খ্ৰীষ্টপূৰ্ব ছয় শতিকাত বুদ্ধই এক বিশেষ জ্ঞান অৰ্জন কৰিছিল। বাৰ্ধক্য, জৰা, মৃত্যু, সুখ – দুখ আদিৰ মূল কাৰণ তেওঁ বিচাৰি পাইছিল তৃষ্ণা ( desire) ৰ মাজত। অহৰহ চলি থকা বাসনাই মানুহক সমস্যাত পেলাই বুলি বুদ্ধই সিদ্ধান্ত গ্ৰহণ কৰিছিল। দুখ ( suffering) আৰু অজ্ঞতা ( ignorancek)ই মানুহ খেদি ফুৰে। ইয়ে আছিল বুদ্ধৰ মত। তেওঁ চাৰিটা মহান সত্যৰে নিজৰ মতবাদক প্ৰতিষ্ঠা কৰিছিল। এক, জীৱন দুখ আছে। দুই, দুখৰ কাৰণ আছে। তিনি, দুখ ৰোধ কৰিব পাৰি। চাৰি, দুখ ৰোধ কৰাৰ উপায় আছে। এই চাৰিটাক ‘ আৰ্যসত্য চতুষ্টয় ‘ বুলি কোৱা হয়। এই চাৰিটা সত্যই হ’ল বৌদ্ধ চিন্তাৰ আধাৰ। বৌদ্ধই কেইটামান কথা নতুন ধৰণেৰে কোৱাৰ প্ৰয়াস কৰিলে। প্ৰথম কথাটো হ’ল মানুহৰ জীৱনত সম্ভাবনাৰ দুৱাৰ তেওঁ খুলি দিলে; যন্ত্ৰণাৰ মাজত ককবকাই থকা মানুহে দেখিলে যে ইয়াৰ পৰা উদ্ধাৰ পোৱাৰ এটা বাট আছে। ধৰ্মীয় গোড়ামীৰ পৰা বা বিভিন্ন পূজা পাতলৰ পৰা মানুহে আঁতৰি ইফালে সিফালে মূৰ তুলি চোৱাৰ বাট দেখিলে। মানুহে উৎকণ্ঠিত হৈ থকা এটা পৰিস্থিতিৰ পৰা নিজকে আঁতৰ কৰিব পাৰিলে। ইয়াৰ বাবে মানুহে এক অন্তৰ্মুখী জীৱন ( inner life) কটাবলৈ সক্ষম হ’ল । দুটা কথা মানুহে বুজিব উঠিল। প্ৰথমটো হ’ল ধৰ্মীয় শৃংখলতাৰ গুৰুত্ব আৰু দ্বিতীয়টো হ’ল মানৱ প্ৰকৃতিৰ সংকিৰ্ণতাক অতিক্ৰম কৰাৰ সম্ভাৱনা।

বৌদ্ধ চিন্তাত কোৱা হ’ল যে নিজৰ অজ্ঞতাৰ বাবেই মানুহে যন্ত্ৰণা ভোগে। তৃষ্ণা আৰু যন্ত্ৰণাৰ আঁৰত এই অজ্ঞতা লুকাই আছে। অজ্ঞতা আৰু মানুহৰ মিছা আকাংক্ষাৰ একেটা মুদ্ৰাৰেই ইপিঠি সিপিঠি বুলি কোৱা হৈছে। বাইবেলতো এনে ধৰণৰ চিন্তাকে ডাঙি ধৰা হৈছে। বাইবেলৰ নিউ টেষ্টামেণ্টে ক’ব খুজিছে যে অজ্ঞতাৰ কাৰণেই মানুহ ঈশ্বৰৰ পৰা আঁতৰি থাকে। অজ্ঞতাই মানুহক, বাইবেলৰ মতে, নানান পাপত লিপ্ত কৰে । মানুহক কৰি তোলে লোভী। ইয়াৰ পৰা মানুহে নিজকে আঁতৰ কৰিবৰ কাৰণে জ্ঞান আৰু ইচ্ছাৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত ভাৰতীয় চিন্তাত চেতনাৰ কথা কোৱা হৈছে। জাপানী চিন্তাবিদ হাজিমে নাকামুৰা ( Hajime Nakamura; ১৯১২-১৯৯৯ ) ই কৈছে যে ভাৰতীয় চিন্তাত জ্ঞান আৰু ইচ্ছা, ইটোৱে সিটোৰ সৈতে এনেদৰে সাঙোৰ খাই আছে যে ইহঁতক পৃথক কৰি চোৱাটো বৰ কঠিন। তেওঁ ভাৰতীয় চিন্তাৰ চেতনাৰ অৰ্থই জ্ঞান আৰু ইচ্ছা দুয়োটাকে সমানে সাঙুৰি লৈছে বুলি কৈছে। জ্ঞানক , এই ক্ষেত্ৰত অতি সহজ অৰ্থত, কথা এটা বুলি পোৱা বুলি ভাবিব পাৰি। তেনে অৰ্থত এজন ব্যক্তিয়ে যদি জ্ঞান অৰ্জন কৰে, তেনেহলে তেওঁৰ ইচ্ছাসমূহ নিয়ন্ত্ৰিত হয় ( control of the will) আৰু তেওঁ যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰে। প্ৰশ্ন হয়: জ্ঞানী ব্যক্তি কোন? বুদ্ধৰ এই ক্ষেত্ৰত উত্তৰ অতি স্পষ্ট । যিজন ব্যক্তিয়েই জীৱনৰ জ্বলা যন্ত্ৰণাৰ আঁৰৰ কাহিনীক বুজি পায় আৰু যন্ত্ৰণাৰ পৰা মুক্তিৰ উপায় বিচাৰি পায়, তেৱেঁই জ্ঞানী। আমাৰ চুবুৰীয়া দেশ চীনৰ দাৰ্শনিক কনফুচিয়াছেও জীৱনৰ প্ৰতি ধাৰণাক ডাঙি ধৰোতে এনে ধৰণৰ কথাই কৈছিল । কনফুচিয়াছৰ মতে মানুহৰ আশা আকাংক্ষাৰ সৈতে জড়িত হৈ থকা লেকামবিহীন কথাবোৰে আমাক সমস্যাৰ সন্মুখীন কৰায়। কনফুচিয়াছৰ মতে মানুহৰ আশা আকাংক্ষা নিৰ্বাপিত নকৰা কৈয়ো সেইবোৰক সংশোধিত আৰু পৰিশীলিত কৰিব পাৰি।

আপোনাৰ মোৰ দৰে যিকোনো ব্যক্তিয়েই জানিব খোজে : অজ্ঞতা কি? বৌদ্ধ চিন্তাই এই ক্ষেত্ৰত মানুহে নিজৰ জীৱনলৈ ভূমুকিয়াই চোৱাৰ ওপৰতে গুৰুত্ব আৰোপ কৰিছে। বুদ্ধই তেওঁৰ প্ৰিয় শিষ্য আনন্দক তেওঁৰ মহা নিৰ্বাণৰ আগেয়ে দিয়া শেষ উপদেশত কৈছে, ” তুমি নিজেই নিজৰ পোহৰ হোৱা। তুমি নিজেই নিজত আশ্ৰয় লোৱা। তুমি আন কাকো বিচাৰি নাযাবা।” বুদ্ধৰ মতে এজন ব্যক্তিয়ে যেতিয়া নৈতিকভাৱে জীৱন কটায়, তেতিয়া তেওঁৰ আগত সত্য আপোনা আপুনি উদ্ভাসিত হৈ উঠে। বাইবেলেও এনে কথাই আমাৰ আগত তুলি ধৰিছে: ” God did not give us a spirit of timidity, but a spirit of power and love and self control. ” আত্মাৰ শক্তিত এনে বিশ্বাস মানুহৰ দৰাচলতে নিজৰ ওপৰতে থকা বিশ্বাসৰ এটা বিশেষ ৰূপ। কিন্তু নিজকে জনা – Know thyself – ইমান সহজ নহয়। গ্ৰীক লিখক আয়ন ( Ion) এ এই প্ৰসঙ্গত তাৎপৰ্যপূৰ্ণভাৱে কৈছিল যে এই কথাটো ইমানেই বিশাল যে স্বৰ্গৰ অধিপতি যিউছ দেৱতাই হে ইয়াক আয়ত্ত কৰিব পাৰে। আন কথাত ক’বলৈ গ’লে , ঈশ্বৰ বা দেৱতাৰ বাহিৰে কোনেও আত্মাক অৰ্থাৎ নিজৰ সত্তাক বুজি উঠাটো ইমান সহজ নহয়। কিন্তু তাৰ মাজতো মানুহে নিজকে বুজাৰ প্ৰয়াস কৰি আহিছে। মানুহে নিজৰ অস্তিত্বক সাব্যস্ত কৰাৰ যুগে যুগে প্ৰচেষ্টা চলায় আহিছে। গছ- গছনি ধ্বংস কৰি, প্ৰকৃতিৰ ওপৰত অবাধ তাণ্ডৱ চলায়, বিভিন্ন দেশে ইখনে সিখনক আক্ৰমণ কৰি, উগ্ৰ ধৰ্ম অসহিষ্ণুতাৰ বাতাবৰণ সৃষ্টি কৰি, গোষ্ঠীগত সংঘৰ্ষ কৰি মানুহে নিজৰ অস্তিত্বক কাৰোবাৰ চকুত অধিক শক্তিশালী ৰূপত দাঙি ধৰিব খুজিছে। এই ক্ষেত্ৰত হয়তো মানুহৰ আত্মা নাইবা স্বৰূপ সম্পৰ্কে দুটা ধাৰণাই ক্ৰিয়া কৰিছে। এটা হ’ল আপুনি- মই , তেওঁ – তুমি আদিৰ মাজেৰে প্ৰকাশিত হৈ উঠা দৈনন্দিন জীৱনৰ সৈতে জড়িত আত্মা বা মানুহ। দ্বিতীয়টো হল সুপ্ত আত্মা ( Latent Self)। বৌদ্ধ চিন্তাই এই সুপ্ত আত্মাক জাগ্ৰিত কৰিবলৈ, জগাই তুলিবলৈ আমাক অহৰহ কৈ থাকে। বাইবেলত পোৱা এটা প্ৰসিদ্ধ উক্তি হ’ল : ” He who is slow to anger is better than the mighty, and he who rules his spirit than he who takes a city. ” চহৰ এখন শাসন কৰাতকৈ নিজৰ আত্মাক শাসন কৰা কঠিন। পেলেষ্টাইনত ইজৰাইলৰ নিৰ্বিচাৰ বোমা বৰ্ষণ , ইউক্ৰেইনৰ বিভিন্ন অঞ্চলত অহৰহ আক্ৰমণ, চুবুৰীয়া দেশ বাংলাদেশৰ ঢাকাত ধৰ্মীয় উন্মাদনা, মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ —- এই সকলোবোৰে মানৱ আত্মাৰ বিচলিত চৰিত্ৰ আৰু আমাৰ অসম্পূৰ্ণতাক বাৰে বাৰে তুলি ধৰে।

বৌদ্ধসকলৰ ধম্মপদত সোঁৱৰাই দিয়া হৈছে যে অসৎ কৰ্মই নিজৰেই ক্ষতি কৰে। নিজৰেই সীমাহীন শত্ৰুৰ সৃষ্টি হয়। চীনা চিন্তাবিদ মেনিকাছৰ মতে যিজন মানুহ নিজেই নিজৰ শত্ৰু, তেওঁক কোনেও সহায় কৰিব নোৱাৰে। বুদ্ধকে ধৰি পৃথিৱীৰ প্ৰায়বোৰ আগশাৰীৰ লোকে কৈছে যে যিমানেই পাপ কাৰ্য্যত এজন ব্যক্তি লিপ্ত নহওক কিয়, তেওঁৰ বাবে উদ্ধাৰৰ এটা পথ আছে। জীৱনৰ পঙ্কিলতাৰ পৰা থিয় হৈ মূৰ দাঙি চোৱাৰ এটা সুযোগ আছে। মাত্ৰ মানুহগৰাকীয়ে নিজৰ মনটোৰ ভিতৰলৈ এবাৰ চালেই হ’ল। নিজৰ মনটোৰ ভিতৰত থকা আৰু কাহানিও তেওঁ নপঢ়া কিতাপবোৰৰ পৃষ্ঠাবোৰ তেওঁ লুটিয়ালেই হ’ল। এই কিতাপ বজাৰত কিনিবলৈ পোৱা কিতাপ নহয়। কোনো বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষাই পঢ়িবলৈ শিকোৱা কিতাপো নহয়। এই কিতাপৰ পৃষ্ঠাবোৰ জীৱনৰ অভিজ্ঞতা আৰু মনৰ নিৰ্মলতাই সজাই থোৱা পৃষ্ঠা। সম্ৰাট অশোকৰ শিলালিপিত আছে যে মই এইটো ভাল কাম কৰিলো বুলি মানুহে কেৱল নিজৰ ভাল কামটোকহে দেখে। কিন্তু এইটো পাপ কৰিলো, এইটো পাপ প্ৰবৃত্তি বুলি মানুহে নিজৰ বেয়া কামটো নেদেখে। ভাল কাম , বেয়া কামত মাজত পাৰ্থক্য আৰোপ কৰিব পৰাটো প্ৰকৃতিয়ে দিয়া মানুহৰ মনৰ এক বিশেষ শক্তি। মনৰ মাজত গোপনে শুই থকা এই কিতাপৰ অধ্যয়নে আপোনাক মোক শিকোৱা কথাটো হ’ল নিজৰ কাম-কাজবোৰক অহৰহ নিৰীক্ষণ কৰি থকা। খ্ৰীষ্টিয় সন্ত মাৰ্কৰ এষাৰ কথা এই ক্ষেত্ৰত বেছ কামত অহা : ” And what I say to you , I say to all : Watch. “