স্বপ্নৰ পথাৰত ৰক্ত সেন্দুৰৰ টোপাল
স্বাগণ কৃষ্ণন বৰা,কলিয়াবৰ
দুই আঙুলিৰ মাজত লোৱা
কলম আৰু চিগাৰেট
লগৰী হ’ব খোজিছে মোৰ
কলমৰে উদং বহী খনৰ
পৃষ্ঠাবোৰত ৰঙনী সপোন লিখি
ভাগৰি পৰা সেই দুভাগ নিশা
ফিল্টাৰ চিগাৰেটৰ ধোৱাৰে
অদ্ধ কলিজাত আকি আছো
তোমাৰ চকুলো ।
পুৱতীৰ কিৰণৰ পোহৰে
গৰম কৰিব খোজা চেচাঁ আঙুলীত
সেন্দুৰৰ ৰং লাগিল ।
কাকৈৰে চুলি বাই থাকোতে
চিটিকি পৰা পানীত তোমাৰ দেহৰ
গোন্ধ
আৱতৰীয়া শেৱালী ফুল দিনত ফুলা
যেন লাগিল
