স্বদেশ – অনামিকা কলিতা

স্বদেশ

অনামিকা কলিতা, শুৱালকুছি

স্বাধীনতা এটা জাতিৰ আত্ম-মৰ্যদা
বিদেশীৰ অকথ্য নিৰ্যাতন
নোৱাৰি সহিব।
যি দেশৰ মাটিত জন্ম লওঁ
নোৱাৰি চাই থাকিব,
পৰাধীনতাৰ শিকলি পিন্ধিব ।
অলেখ স্বদেশ প্ৰেমীয়ে
দিছিল নিজক আহুতি।
স্বহীদৰ তেজেৰে ফাকু খেলি
পাণিপথ ,পলাচীৰ,শৰাইঘাটৰ
মাটি ৰাঙলী হৈছিল ।
মাতৃভূমিৰ মহিমা মণ্ডিত
কৰিবলৈ স্বদেশ প্ৰেম
অনুভূতি হৈছিল জাগ্ৰত।
এক জাতি ,এক প্ৰাণ অন্তৰত
নাছিল ভেদা ভেদৰ প্ৰাচীৰ।
চৌদিশে আৱৰি ধৰিছিল
মানৱতাৰ জয় গান ।