স্বচ্ছতা – ৰশ্মি ৰেখা দুৱৰা

Pc- Sunrise Sunset Times Lookup

স্বচ্ছতা

ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়

বিপদগ্ৰস্ত সময়ৰ তুলাচনীত
আবেগ,অনুভূতিৰ ভৰ বৰ কঠিন
আবেগে অস্থিৰভাৱে পৰিচালিত কৰে
অনুভূতিয়ে প্ৰকাশ কৰে ভাৱনাবোৰ।

বানৰ ধ্বংসাত্মক ছবিবোৰ চকুত দেখা দিয়ে
কাণত বাজি উঠে বিষাদৰ সুৰ
উপেক্ষা নকৰে; ৰ’দ- বৰষুণকো
টোপ-টোপ ঘামেৰে বৈ যায় মুখমণ্ডল
ভাগৰাৰ কোনো নামেই নাই।

স্বচ্ছ মনৰ স্থিতিশীল গৰাকী
থানবান কৰাৰ সাহস নাই
যুঁজিব অকলেই ,
বিষণ্ণ সময়বোৰে বাগি কুঠাৰ মাৰিলেও
খোজ দিয়ে স্বচ্ছতাৰ দিশত।

দূৰণিত মুঠি টান কৰি ধৰিছে
স্বচ্ছতাৰ লাখুটিডাল,
হেৰুৱাব নুখোজে তেওঁ
মনত এবোজা লৈ কাঢ়ি আনিছে
স্বচ্ছতা বিয়পি আছে বিষণ্ণ সময়ৰ সিৰে সিৰে…!