স্বচ্ছতাৰ বাবে মাজুলীৰ পাঁচ ৰাসমঞ্চক পুৰস্কৃত জিলা প্ৰশাসনৰ : তিনি উদ্যোগী কৃষকক ৰাজহুৱা সম্বৰ্ধনা
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি আয়োজিত এখন সভাত গত ৰাসোৎসৱত পৰিস্কাৰ- পৰিচ্ছন্নতাৰ বাবে জিলা প্ৰশাসনে ঘোষণা কৰা আৰ্থিক পুৰস্কাৰ আৰু জিলাখনৰ তিনিগৰাকী উদ্যোগী কৃষকক ৰাজহুৱা সম্বৰ্ধনা জনায়৷ এই উপলক্ষে অতিৰিক্ত আয়ুক্ত ভৰত কোঁৱৰে আঁত ধৰা সভাত জিলা আয়ুক্তই মাজুলীত মিলেট খেতিৰে উজ্বলি উঠা উদ্যোগী কৃষক সুমন্ত বৰুৱা, ভোট জলকীয়াৰ কৃষক অনিল চেকনিধৰা আৰু ধীৰেন খনিকৰক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা পত্ৰ আৰু চেলেঙেৰে জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু বিধায়ক ভুবন গামে সম্বৰ্ধনা জনায়৷ সভাত গত ৰাস মহোৎসৱত জিলা প্ৰশাসনে ঘোষণা কৰা অনুসৰি পৰিস্কাৰ-পৰিচ্ছন্নতাৰে ক্ষেত্ৰত শ্ৰীশ্ৰী মাধৱদেৱ কৃষ্টি কেন্দ্ৰ আৰু কৰতিপাৰ মিলন নাট্য সংঘক যুটীয়া ভাৱে প্ৰথম, উজনি মাজুলী মিলন সংঘ নয়াবজাৰ আৰু মুদৈবিল মিলনজ্যোতি ৰংগমঞ্চক যুটীয়াভাৱে দ্বিতীয় আৰু মাজুলী মিলন সংঘ কমলাবাৰীক তৃতীয় স্থানৰ বঁটা জিলা আয়ুক্ত আৰু বিধায়কে প্ৰদান কৰে৷ জিলাৰ অতিৰিক্ত আয়ুক্ত ভৰত কোঁৱৰ, সৰোজ সোণোৱাল, তৰালী দাস, নৱনিযুক্ত আৰক্ষী অধীক্ষক নিত্যৰঞ্জন চুতীয়া, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিতিমণি পেগু, সহকাৰী আয়ুক্ত সংগীতা বৰুৱা উপস্থিত থকা সভাখনিত ৰেনুমালা দত্ত, জিতেন ডেকা, ডঃ আনন্দ হাজৰিকা, ডঃ ৰাজেন বৰা, ৰামসাগৰ নাথ, ডিম্বেশ্বৰ দত্ত, দিপু বৰা আদিয়ে স্বচ্ছতাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে লোৱা উদ্যোগৰ শলাগ লয়।