স্বগৃহলৈ অনা হ’ল উদয় অসমৰ মৃতদেহ
ৰঙিলী বাৰ্ত্তাসেৱা- তিনিচুকীয়া জিলাত সংঘটিত আলফা স্বাধীন আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত আলফাৰ লেফটেনেণ্ট উদয় অসম ওৰফে উত্তম লাহনৰ মৃত্যু হয়। আজি পুৱা নিহত আলফা কেডাৰ উদয় অসমৰ মৃতদেহ অনা হ’ল স্বগৃহলৈ। তিনিচুকীয়াৰ পৰা আৰক্ষীৰ বিশাল কনভয়েৰে চৰাইদেউ জিলাৰ সোণাৰি পুৰণি জৱকা গাঁৱত পৰিয়ালক চমজাই দিয়ে মৃতদেহ। ২০১২ চনতে ঘৰৰ পৰা ওলাই যোৱা ল’ৰাটোৰ নিথৰ দেহ প্ৰত্যক্ষ কৰিলে মাতৃয়ে। সকলোৰে চকুত চকুপানী। গাঁৱৰ অজস্ৰ লোক সমবেত হ’লহি উদয় অসমৰ ঘৰত। ‘‘দুবাৰকৈ অসম আৰক্ষীত তাৰ পাছত ভাৰতীয় সেনা বাহিনীত চাকৰি বিচাৰি সাক্ষাৎকাৰ দিছিল যদিও চাকৰি নাপালে উত্তম লাহনে। এক লাখ টকা ঘোচ দিও চাকৰিৰ পৰা বঞ্চিত হ’বলীয়া হ’ল। ঘৰৰ আত্মীয়, গোটৰ পৰা ধাৰ ঋণ কৰি ঘোচ দিয়া টকা ঘূৰাই নোপোৱাত উপায়হীন উত্তমে যোগদান কৰিছিল আলফাত।’’ – এই অভিযোগ উত্থাপন কৰে নিহত আলফা কেডাৰ উদয় অসমৰ জ্যেষ্ঠ ভাতৃয়ে।