স্পন্দন – পংকজ সভাপণ্ডিত

অণুগল্পঃ

স্পন্দন 

পংকজ সভাপণ্ডিত, উত্তৰ লখিমপুৰ

মাজৰাতি মণিভদ্ৰৰ ভাওনাৰ বচন আৰু অট্টহাস্য শুনি পৰিবাৰ সহিতে কণমানি দুটা আহি মণিভদ্ৰৰ কোঠা পালেহি। পৰিবাৰ তৰাই, মণিভদ্ৰক হেচুকি দিয়াত ঘপহকৈ সি বিচনাৰ পৰা উঠি দিলে। কণমাণি কেইটাই সুধিলে :- দেউতা তুমি ইমান ডাঙৰকৈ ভাওনাৰ বচন আৰু অট্টহাস্য মাৰি আছিলা যে? মণিভদ্ৰই আঙুলিত কিবা এটা হিচাপ কৰি ক’লে :- হিচাপ মতে কালিলৈ ভাদ মাহ শেষ হ’ব, কালিলৈ আমাৰ বাৰ্ষিক ভাওনা, কিন্তু দূৰ্ঘটনাত পতিত হৈ মই এতিয়া শৰ্য্যাশায়ী এইবাৰ মোৰ ভাওনাত ভাওলোৱা ন’হব অ… আমাৰ গাওঁত যুগ, যুগ ধৰি চলি অহা এই ভাওনাত আমাৰ পূৰ্ব পুৰুষৰ দিনৰ পৰা ভাও লোৱা এক নিয়ম, পৰম্পৰা, মই কেনেকৈ সেই কথা পাহৰো! মোৰ পোনাহঁত… অভিনয়, মোৰ প্ৰতিটোপা তেজত আছে। মাজে,মাজে আমনি কৰিবই, যোৱাহঁত,শুই থাকাগৈ। ধলফাট দিবলৈ বহুপ্ৰহৰ বাকী।