স্নেহসিক্ত হেঁপাহৰ দলিচা – দুলুমণি দেৱী

Pc Vecteezy

স্নেহসিক্ত হেঁপাহৰ দলিচা

দুলুমণি দেৱী,মাকুম

নৱবর্ষত আশাৰ ৰেঙণি  থাকে ৷ নতুন বছৰ এটিৰ আগমন মানেই নতুন আশা ,নতুন পৰিকল্পনা৷যেনেকৈ পুৱাৰ আৰম্ভণি ,পুৱা মানে নতুন আশাৰ সুৰুয উদয় ,কোমল এচাটি বতাহে সজীৱতাৰ সেউজী বতৰা আনে ,নতুন চিন্তা ,নতুন প্রেৰণা থাকে ঠিক তেনেকৈ নতুন বছৰ মানে নতুনকৈ আৰম্ভ হোৱা এটা বর্ষ ‌বা পঞ্জিকাৰ আৰম্ভণি  ৷

নতুন বছৰটিৰ লগত সংকল্প জড়িত হৈ থাকে৷যি সংকল্পৰ যোগেদি নতুনৰ সুৱাস বিচৰা হয় ,অৱশ্যে নতুনৰ লগত পুৰণি  বছৰৰ বহু স্মৃতিও অন্তনির্হিত থাকে ৷ পুৰণি দুখ বেদনা পাহৰি ,সুখবোৰ সামৰি নতুনকৈ সপোন ৰচা হয় নতুন বছৰটিৰ আৰম্ভণিতে য’ত আশা কৰা হয় সম্ভাৱনাৰ বার্তা ,নতুন স্বপ্ন আৰু স্নেহসিক্ত হেঁপাহৰ দলিচা,সুখৰ আভা ৷ এই পৃথিৱীত জীৱন বাটত আমি প্রত্যেকেই দৌৰিয়ে থাকো এচেৰঙা ৰ’দৰ আশা বিচাৰি ৷ কিন্ত কি পাবৰ বাবে ৰাতিয়ে দিনে দৌৰি আছো সঠিকভাৱে কব নোৱাৰিলেও এটা কথা কিন্তু কবই লাগিব আমাৰ সকলোকে সুখ লাগে ,শান্তি লাগে,টকা পইচা লাগে ,ঘৰ সংসাৰ লাগে ,ল’ৰা ছোৱালী লাগে৷ নতুন বছৰটিত অসম্পুর্ণবিলাক সম্পুর্ণ হোৱাটো বা সম্পুর্ণ কৰিবলৈ চেষ্টা কৰায় হৈছে সংকল্প ৷ নতুন বছৰটিত কোনোবাই যদি নতুনকৈ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে অন্য কোনোৱে আকৌ নতুন এটি কর্মপন্থা হাতত লোৱাৰ কথা ভাবিব পাৰে,পঢ়া শুনাৰ লগত জড়িতসকলে নতুন এখন কিতাপ লিখাৰ পৰিকল্পনা হাতত লব পাৰে ৷পঢ়ুৱৈসকলে ছন্দোময় কবিতা ,মনপৰশা গল্প ,উপন্যাস পঢ়াৰ সংকল্প লব পাৰে  মুঠতে ব্যক্তি অনুসৰি মন ভিন্ন আৰু কর্মপন্থাও ভিন্ন ধৰণে  লয় ৷

নতুন বছৰৰ লগত কৃষিৰ সম্পৰ্ক গভীৰ৷ বিশেষকৈ পহিলা বহাগৰ উৎসৱবোৰ কৃষিকেন্দ্রিক I নতুন বছৰটোৰ আৰম্ভণিতে কৃষকে নতুন উদ্যমেৰে পৰিকল্পনা হাতত লয়  ৷যাতে পুৰণি বছৰতকৈ আৰু অধিক কর্মপন্থা  হাতত লব পাৰে৷

যি কি নহওঁক নতুন বছৰটিয়ে সকলোৰে মাজত যাতে এখন হেঁপাহৰ দলিচা তৈয়াৰ কৰিব পাৰে য’ৰপৰা আৰম্ভ হ’ব নতুনৰ বীজ ৷ কটকটীয়া হব সম্প্রীতিৰ এনাজৰী ৷ সম্বন্ধয়ৰ সুগম পথ l