স্নাতক শিক্ষক নিযুক্তি টেট-নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- স্নাতক শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা টেট নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে সম্পূর্ণ নতুন পদ্ধতিৰে এই পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰিছে। সেই অনুসৰি প্ৰতিটো বিষয়ৰ পৰীক্ষাৰ কাট অফ মার্ক মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্রকাশ কৰিছে। যোগ্যতা অর্জন কৰা প্রার্থীসকল নথি পৰীক্ষণৰ বাবে সংশ্লিষ্ট মণ্ডলসমূহত উপস্থিত হ’ব লাগিব। প্রার্থীসকলক মার্কশীটৰ লগতে নথি পৰীক্ষণৰ এডমিট কার্ডো প্রদান কৰা হৈছে; য’ত নথি পৰীক্ষণৰ স্থান আৰু সময় উল্লেখ কৰা হৈছে। সংশ্লিষ্ট দিনত প্রার্থীসকলৰ বিভিন্ন শৈক্ষিক অৰ্হতাৰ নথি, অন্যান্য অৰ্হতাৰ নথি আদি পৰীক্ষণ কৰা হ’ব। এই পৰীক্ষণৰ সময়তে পূর্বে আন চৰকাৰী বিভাগত অথবা বিদ্যালয়ত কৰ্মৰত প্ৰাৰ্থীসকলে এনঅ’চিও দাখিল কৰিব লাগিব। ফলাফল ঘোষণা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে টেট নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। হাইস্কুলসমূহত স্নাতক শিক্ষক নিযুক্তিৰ বাবে টেট নিযুক্তি পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হৈছিল। এতিয়া নথি পৰীক্ষণ হ’ব। যিসকলৰ নথি সঠিক পোৱা যাব তেওঁলোকে নিযুক্তি লাভ কৰিব। উল্লেখ্য যে যোৱা ১৯ জানুৱাৰীত ৰাজ্যৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ বাবে টেট নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল। স্নাতক শিক্ষকৰ বাবে প্ৰথম প্ৰশ্নকাকত আৰু স্নাতকোত্তৰ শিক্ষকৰ বাবে দ্বিতীয় প্ৰশ্নকাকতৰ পৰীক্ষাসমূহ অনুষ্ঠিত হৈছিল। ইতিমধ্যে দ্বিতীয় প্ৰশ্নকাকতৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগে লগে নথি পৰীক্ষণ প্রক্রিয়াও সম্পন্ন হৈছে।