স্থগিত ৰখা একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল
ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে একাদশ শ্ৰেণীৰ স্থগিত ৰখা পৰীক্ষাসমূহ বাতিল কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে । শুক্ৰবাৰে অনুষ্ঠিত এখন বৈঠকৰ পাছতে পৰিষদে এই কথা ঘোষণা কৰে। এক জাননীত পৰিষদৰ সচিবে প্রকাশ কৰা অনুসৰি পঞ্চায়ত নির্বাচনৰ বাবে ৰাজ্যৰ শিক্ষক সমাজ ব্যস্ত হৈ থাকিব। বিশেষকৈ নিৰ্বাচনৰ প্ৰস্তুতিমূলক কার্য, প’লিং-কাউন্টিং কৰ্মচাৰীৰ প্ৰশিক্ষণ, ভোটগ্রহণ, ভোটগণনাকে ধৰি বিভিন্ন নির্বাচনকেন্দ্রিক কার্যত শিক্ষকক নিয়োগ কৰা হ’ব। যাৰ পৰিপ্ৰেক্ষিতত শিক্ষকসকল অহা ২০ মে’ পর্যন্ত ব্যস্ত হৈ থকাৰ সম্ভাৱনা আছে। সেয়েহে নির্বাচন প্রক্রিয়া সম্পূর্ণৰূপে অন্ত পৰাৰ পূৰ্বে বিদ্যালয়সমূহে পৰীক্ষা অনুষ্ঠিত কৰাটো যথেষ্ট কঠিন হ’ব। আনহাতে, নির্বাচনী প্ৰক্ৰিয়াৰ অন্ত পৰাৰ পাছত পৰীক্ষা অনুষ্ঠিত কৰাটো যথেষ্ট বিলম্ব ঘটিব। সেয়েহে পৰিষদে ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্রথম বর্ষ অর্থাৎ একাদশ শ্ৰেণীৰ ইতিপূর্বে প্রশ্নকাকত ফাদিল হোৱাৰ বাবে স্থগিত ৰখা পৰীক্ষাসমূহ সম্পূর্ণৰূপে বাতিল কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে। অৱশ্যে পৰীক্ষা প্রক্রিয়া সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কেতবোৰ বিশেষ সিদ্ধান্তও পৰিষদে গ্রহণ কৰিছে। সেই অনুসৰি ইতিমধ্যে অনুষ্ঠিত একাদশ শ্ৰেণীৰ পৰীক্ষাসমূহত অৱতীৰ্ণ হোৱা সকলো শিক্ষার্থীয়ে অহাবৰ্ষত অনুষ্ঠিত হ’বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সুযোগ লাভ কৰিব। জাননীখনত পৰিষদে কয়- একাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ সাধাৰণতে এক বিদ্যালয়ৰ পৰীক্ষা। ৮ বছৰ পূৰ্বলৈকে প্রতিষ্ঠানসমূহে একাদশ শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষা নিজাববীয়াকৈ অনুষ্ঠিত কৰিছিল। কিন্তু এই কথা লক্ষ্য কৰা হৈছিল যে প্রতিষ্ঠানসমূহে প্ৰস্তুত কৰা প্ৰশ্নকাকতৰ মান আৰু প্ৰশ্নকাকতত অন্তর্ভুক্ত কৰা বিষয়সমূহ একেধৰণৰ নাছিল। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিগত ৮ বছৰ ধৰি এটা মানসম্পন্ন প্ৰক্ৰিয়া অব্যাহত ৰখাৰ লগতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ মানৰ সৈতে সংগতি থকাকৈ প্রশ্নকাকতসমূহ পৰিষদে যোগান ধৰি আহিছে। অৱশ্যে পৰীক্ষাসমূহ কোনো বাধা নোহোৱাকৈ বিদ্যালয়ৰ পৰীক্ষাৰ দৰেই অনুষ্ঠিত কৰা হৈছিল। সেয়েহে যিসকল প্রতিষ্ঠান অথবা শিক্ষার্থীয়ে ৰৈ যোৱা বিষয়সমূহত নিজৰ মূল্যায়ন কৰিব বিচাৰে, তেওঁলোকে সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰৰ পৰা অধ্যয়ন আৰু অনুশীলনৰ বাবে প্রশ্নকাকতসমূহ সংগ্ৰহ কৰিব পাৰিব। কিন্তু ইতিমধ্যে যিসমূহ বিদ্যালয়ত প্রশ্নকাকত ফাদিল হৈছে, তেওঁলোকক বৈ যোৱা বিষয়সমূহৰ প্ৰশ্নকাকতসমূহ সংগ্ৰহ কৰিবলৈ অনুমতি প্রদান কৰা নহ’ব বুলিও পৰিষদে স্পষ্ট কৰি দিছে। আনহাতে, ৰৈ যোৱা বিষয়সমূহত কিদৰে বিদ্যালয়সমূহে শিক্ষার্থীক নম্বৰ প্ৰদান কৰিব লাগিব সেই সন্দর্ভতো পৰিষদে নির্দেশনা প্রদান কৰিছে। ব’র্ডে প্রকাশ কৰা অনুসৰি গোট পৰীক্ষা, ছয়মাহিলি পৰীক্ষা অথবা ইতিমধ্যে অনুষ্ঠিত হোৱা পৰীক্ষাসমূহত লাভ কৰা নম্বৰৰ গড় হিচাপত অথবা আন যিকোনো উপযুক্ত পদ্ধতি অনুসৰণ কৰি শিক্ষানুষ্ঠানসমূহে শিক্ষার্থীসকলক নম্বৰ প্ৰদান কৰিব লাগিব। অহা ১৫ জুনৰ ভিতৰত সংশ্লিষ্ট বেৱছাইটত শিক্ষানুষ্ঠানসমূহে নম্বৰ আপলোড প্রক্রিয়া সম্পূৰ্ণ কৰিব লাগিব বুলিও পৰিষদে নিৰ্দেশ দিছে।