স্তব্ধ নহয় মোৰ কলমৰ গতি- ইকবাল হুছেইন

Pc The Indian Express

স্তব্ধ নহয় মোৰ কলমৰ গতি

ইকবাল হুছেইন,মৈৰাবাৰী

হয়, শ্বাস থকাতকৈ মোৰ কলমৰ গতিধাৰা স্তব্ধ নহয়। সমাজ বিৰোধী, নীচ প্রবৃত্তিযুক্ত দুৰাচাৰী সকলৰ বিৰুদ্ধে মোৰ এই কলমৰ যুঁজ ধাৰাবাহিকভাৱে চলিয়েই থাকিব। মোৰ জীৱনলৈ যিমানেই ভয়-ভাবুকি নামি নাহক কিয়, সমাজৰ দুস্কৃতিকাৰী আৰু অপশক্তিৰ বিৰুদ্ধে মই কলমৰ সদ্ব্যৱহাৰ কৰি যামেই, তাৰ বাবে লাগিলে যিকোনো প্ৰত্যাহ্বানৰ সন্মূখীন হবলগীয়া নহওঁক কিয় সদা প্রস্তুত থাকিন। আজি যেনেদৰে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মোকাবিলা কৰি লিখা-মেলা অব্যাহত ৰাখিছোঁ অনাগত দিনতো ইনশ্বা আল্লাহ মোৰ এই লিখা-মেলাৰ ধাৰাবাহিকতা অক্ষুন্ন থাকিব। আকৌ কৈছোঁ জীৱনত যিমানেই শংকা নাথাকক কিয় নিৰবচিন্নভাৱে মই লিখি যাম, খন্তেক সময়ৰ বাবেও মোৰ কলমৰ গতিবেগ স্তব্ধ নহয় বৰঞ্চ পূৰ্বৰ তুলনাত আৰু অধিক গতিৰে চলিব মোৰ কলম। অন্যায়-অপকৰ্ম তথা অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে অবিৰাম গতিত চলিব সত্য আৰু ন্যায়ৰ কলম। ভাল কাম কৰাজনৰ প্ৰসংশা কৰাৰ সমান্তৰালকৈ বেয়া কাম কৰাজনৰ বিৰুদ্ধে ‘কলম’ নামৰ অস্ত্ৰৰেই মই জীয়াই থকালৈকে অবিৰতভাৱে যুঁজি যাম। গাত বিন্দুমাত্র তেজ আৰু কলমত চিয়াহী থকাতকৈ ৰণক্ষেত্ৰ পৰা মই কাপুৰুষৰ দৰে পৃষ্ঠ প্ৰদৰ্শন কৰি কেতিয়াওঁ ঘুৰি নাহোঁ। দুষ্ট প্ৰকৃতিৰ লোকসকলৰ বিপক্ষে মোৰ এই সংগ্ৰাম নিৰবচিন্নভাৱে চলি আছে আৰু অনাগত দিনলৈ চলি থাকিব। যিসকলে সমাজক গুমৰাহ কৰিব বিচাৰে। যিসকলে মানুহক বিপথগামী কৰি তুলিব বিচাৰে। যিসকলে ছলনাময়ী কথা আৰু ঠগ-প্ৰৱঞ্চনাৰে মানুহৰ তেজ চুহি খায়। যিসকলে ধৰ্মৰ দোহাই দি মানুহক সেই আদিম যুগলৈ ঠেলি পঠিয়াই। যিসকল ব্যক্তিয়ে আধুনিক সভ্যতা আৰু সাধাৰণ শিক্ষা গ্ৰহণত প্ৰতিবন্ধকতা সৃষ্টি কৰে। যিসকলে সমাজত নিজৰ আধিপত্য, প্ৰভুত্ব বজাই ৰাখিবলৈ সহজ-সৰল গঞা ৰাইজক আজীৱন কাল-কুঠৰীৰ ভিতৰতেই ৰাখি থব বিচাৰে। যিসকলে ধৰ্ম, জাত-পাতলৈ সমাজত অবিশ্বাস, হিংসা, ঘৃণা, নিন্দা বিদ্বেষ, বৈষম্য, শত্ৰুতা আৰু অসহিষ্ণুৰ বাতাবৰণ সৃষ্টি কৰিব বিচাৰে। যিসকলে ধৰ্মৰ অপব্যাখ্যা আৰু ধৰ্মীয় মেৰুকৰণৰে শান্তিপূৰ্ণ সহাৱস্থানৰ দেশখনক অস্হিৰ, অশান্ত কৰিব বিচাৰে। যিসকলৰ হাড়ে হিমজুৱে কেৱল সাম্প্ৰদায়িকতাবাদৰ দুৰ্গন্ধ পোৱা যায়। যিসকলে ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰ নীতিৰ বিৰুদ্ধে গৈ অবৈধ-নিষিদ্ধ কাম কৰে। যিসকলে অন্যায়, অধৰ্ম, অত্যাচাৰ, অনাচাৰ, ব্যভিচাৰ, দুৰ্নীতি-ভ্ৰষ্টাচাৰ, হিংসা, অপহৰণ, নাৰী নিৰ্যাতন, ধৰ্ষণ, হত্যা, চুৰি-ডকাইতি, জুৱা, মদ, ভাং, ড্ৰাগছ আদি অসামাজিক পাপ কাৰ্যত লিপ্ত থাকিব, তেওঁলোকৰ বিপক্ষে আৰু ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰৰ একতা, শান্তি আৰু প্ৰগতিৰ স্বাৰ্থত মোৰ যুদ্ধ বিৰামহীন ভাৱে চলিয়েই থাকিব। কাৰণ মই ভীৰু নহয় যে, কাৰোবাৰ ধমকিত থমকি ৰ’ম। কুৰুচিসম্পন্ন, নিলাজ, স্বাৰ্থপৰ তথা মূৰ্খৰ সাগৰত বাস কৰা মানৱৰূপী পশুবোৰৰ বিৰুদ্ধে শত বাধাকো নেওচি শেষ সময়লৈ মাৰ বান্ধি থিয় দিম। ধৰ্মৰ দালালবোৰে যিমানেই মোৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰু অপবাদ দিব সিমানেই শক্তিশালী হৈ উঠিব মোৰ কলমৰ মুখা। হিন্দু-মুছলমান সকলোৰে দোৱা-আশীৰ্বাদ শিৰোধাৰ্য্য কৰি লৈ মই মোৰ কাম কৰি যোৱাৰ লক্ষ্য স্থিৰ কৰি লৈছোঁ। মোৰ লক্ষ্য-উদ্দেশ্য মহৎ আৰু পৱিত্ৰ। গতিকে ভয় পোৱাৰ বা শংকিত হোৱাৰ প্ৰশ্নই নুঠে। মোৰ বিশ্বাস ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰৰ প্ৰতি যদি মোৰ প্ৰেম-ভালপোৱা আৰু সমৰ্পণৰ ভাৱ আছে, তেন্তে নিশ্চিতভাৱে সৰ্বস্তৰৰ নাগৰিক তথা চৰকাৰ-প্ৰশাসনৰ লগতে পৰম কাৰণাময় পৰমাত্মা পৰমেশ্বৰ মহান আল্লাহ ৰাব্বুল আলামিনে মোৰ সহায় কৰিব। যদি জনসাধাৰণৰ মৰম, দেশমাতৃৰ আশীষ আৰু ভগৱন্তৰ কৃপা প্ৰাপ্ত হওঁ তেন্তে এইটোৱেই মোৰ বাবে যথেষ্ট। উল্লেখ্য যে, যোৱা দুদিন ধৰি পৰ্য্যায়ক্ৰমে ‘আলিমৰ নামত কলংক’ একাংশ কাঠ মোল্লাৰ বিষয়ে পেপাৰে-পত্ৰই তেওঁলোকৰ কুকির্তীৰ কিছু দস্তাবেজ প্ৰকাশ কৰাত মোৰ লগতে কেমেৰামেন গাজিবুৰ ৰহমানো বিভিন্ন ধৰণৰ ভাবুকিৰ সন্মুখীন হবলগীয়া হৈছে। সম্প্ৰতি হতাশাত ভূগা কাঠ মোল্লাৰ ফালৰ পৰা আমাৰ জীৱনলৈ নামি অহা ভাবুকিৰ পৰিপেক্ষিতত প্ৰাণৰ সংশয়ত ভূগিছো, যদিওঁ বিচলিত হোৱা নাই।