স্তব্ধ  জোনাক – নিবেদিতা হাজৰিকা

Pc orissaPost

স্তব্ধ  জোনাক

নিবেদিতা হাজৰিকা, লখিমপুৰ

আকস্মিক এটি বাৰ্তাত  গতিশীল সময়ো যেন স্তব্ধ হৈ পৰিছিল। অসম অথা  ভাৰতৰ প্ৰসিদ্ধ কণ্ঠশিল্পী ,সংগীত পৰিচালক ,এটি শিশু সুলভ মনৰ অধিকাৰী ,অসম -অসমীয়াৰ সাহস ,বহু জনৰ সাহস  বহু জনৰ  অভিভাৱক স্বৰূপ জুবিন গাৰ্গৰ আকস্মিক  মৃত্যুৰ বতৰা  সঁচাই অকল্পনীয়। কেনেকৈ মানি লওঁ হিয়াৰ আমঠু শিল্পী গৰাকীৰ মৃত্যুৰ খবৰ, তেওঁ নোহোৱা হোৱাৰ বাতৰি।

এক  অনন্য প্ৰতিভাৰ অধিকাৰী,  জনতাক উদ্বেলিত কৰিব পৰা  ঈশ্বৰপ্ৰদত্ত  কণ্ঠৰ অধিকাৰী জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ খুবেই অসহনীয় ।ছিংগাপুৰৰ লেজাৰ্ছ দ্বীপত অনাকাংক্ষিত  ভাৱে মৃত্যুক আকোঁৱালি লোৱাৰ  খবৰটো মানি ল’বলৈ বৰ কষ্ট হৈছে। সমগ্ৰ ৰাজ্যত আজি শোকৰ ছাঁ, শোকাকুল পৰিস্থিতি। নহ’বনো কিয়? পাখি মেলি  স্নিগ্ধ জোনাক নমাই অনা এটি  বৰ্ণিল যুগৰ যে অৱসান ঘটিল। হাজাৰ -হাজাৰ জনতাৰ হৃদয় জিনিবলৈ সক্ষম হোৱা  শিল্পী গৰাকীয়ে অৱশেষত মৃত্যু জিনি সমুদ্ৰ বক্ষত মৃত্যুক আকোঁৱালি ল’লে আচম্বিতে। প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুত আজি সমগ্ৰ ৰাজ্য ম্ৰিয়মান। হাজাৰ জনৰ বুকুত অগনি জ্বলাই গুছি গ’ল এখন নেদেখা ঠাইলৈ । সকলো শ্ৰেণীৰ লোকৰ মাজতে জনপ্ৰিয় শিল্পীজনে হৃদয় আৰু আত্মাক স্পৰ্শ কৰি গুছি গ’ল। এৰি থৈ গ’ল নিজৰ সৃষ্টি আৰু সুৰ।এনে এগৰাকী কণ্ঠশিল্পীক  কিদৰে জনাও বিদায়! নতুন নতুন সৃষ্টিৰ পৰিকল্পনা লৈ সদা ব্যস্ত হৈ থকা প্ৰাণৰ শিল্পীজন গ’লগৈ।