স্কুল – আয়নাল হক

PC - Britannica
অণুগল্প
স্কুল
আয়নাল হক, ধুবুৰী 
আগদিনা বৰষুণত তিতা ইউনিফৰ্মযোৰ পিন্ধি স্কুললৈ যাবলৈ তাইৰ মুঠেই মন নগ’ল। বিশেষকৈ কিছুমান তিতা কাপোৰতো পিন্ধিব নোৱাৰি। ইফালে আছে মাত্ৰ দুপদ,যি দুটা তিতিয়েই আছে।
” মা, মই আজি স্কুললৈ নাযাওঁ।”
জীয়েকৰ অৱস্থা বুজি পাই মাকে ক’লে- “হ’ব নালাগে যাব।কালি মৌজাদাৰনীয়ে পাঁচ শ টকা দিছিল দুটা মৰণাত লাগি দিয়াৰ বাবে। তাৰে আজি দুটা কিনি আনি দিম।কালিলৈৰ পৰা আৰু স্কুল খতি নকৰিবি…।”