সৌৰভ কুমাৰ চলিহা গল্প সাহিত্যৰ নতুন দিশৰ উদ্ভাৱক : ড° কুলধৰ শইকীয়া

সৌৰভ কুমাৰ চলিহা গল্প সাহিত্যৰ নতুন দিশৰ উদ্ভাৱক : ড° কুলধৰ শইকীয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  সৌৰভ কুমাৰ চলিহা গল্প সাহিত্যৰ নতুন দিশৰ উদ্ভাৱক ৷ তেওঁৰ গল্পই অসমৰ বহু খ্যাত গল্পকাৰক অনুপ্ৰাণিত কৰিছে ৷ নতুন প্ৰজন্মই তেওঁৰ সৃষ্টিক পুনৰ মূল্যায়ণ কৰি সেইসমূহৰ আস্বাদ ল’বলৈ আগবঢ়া আমি দেখিবলৈ পোৱাটো এক সুখৰ অনুভূতি ৷ অসম সাহিত্য সভাৰ উদ্যোগত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাগৃহত অনুষ্ঠিত সৌৰভ কুমাৰ চলিহাৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানত সভাপতি ড° কুলধৰ শইকীয়াই এইদৰে কয় ৷ সভাৰ প্ৰকাশন আহ্বায়ক দেৱজিৎ বৰাই আঁত ধৰা অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ সুদৰ্শন শৰ্মাই ভাষণ প্ৰসংগত কয় —‘সৌৰভ কুমাৰ চলিহা, অশান্ত ইলেকট্ৰন এই নামকেইটা নৱ প্ৰজন্মক সাংঘাটিক আকৰ্ষণ কৰে ৷ দৈনন্দিন জীৱনৰ শব্দ প্ৰয়োগ, প্ৰত্যহিক জীৱনৰ সৰু বৰ ঘটনাৰ আধাৰত চৰিত্ৰ নিৰ্মাণ তথা অভিনৱ কথনশৈলীৰে মনোজগতৰ আভাষ দাঙি ধৰাত পাঠকে নিজা ধৰণে অন্তৰংগতা অনুভৱ কৰে ৷’ চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰপাপ্ত প্ৰধান সম্পাদক অবনীমোহন চহৰীয়া, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ সমিতিৰ কাৰ্যকৰী সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰী, নাট পৰিচালক মানিক আহমেদ, দিশপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড° সঞ্জীৱ কুমা শৰ্মা, কটন বিশ্ববিদ্যালয়ৰ অশ্বিনী ফুকন আৰু ভায়েলিনা চহৰীয়াকে ধৰি বহুসংখ্যক লোকে প্ৰয়াত গল্পকাৰজনক সশ্ৰদ্ধ স্মৰণ কৰে৷