সোমবাৰে গুৱাহাটীৰ ৪ সমষ্টিৰ এনডিএৰ প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন

সোমবাৰে গুৱাহাটীৰ ৪ সমষ্টিৰ এনডিএৰ প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পিছত সোমবাৰে এনডিএৰ আন চাৰি প্ৰাৰ্থীয়ে শক্তি প্ৰদৰ্শন কৰিব। এই সন্দৰ্ভত জিলা সভাপতি তপন চন্দ্র দাসে প্রকাশ কৰা মতে, সোমবাৰে ৪০ হাজাৰ সমৰ্থকক লৈ চাৰিওগৰাকী প্রার্থীয়ে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা বিশাল সমদলেৰে মহানগৰ জিলা আয়ুক্তৰ ওচৰত দাখিল কৰিব মনোনয়ন। মনোনয়ন দাখিলৰ পূৰ্বে এনডিএৰ চাৰি প্রার্থীয়ে বিজয় সংকল্প গ্ৰহণ কৰে। বিজেপিৰ চাৰিটা সমষ্টিৰ সকলো ভাতৃ সংগঠনৰ লগতে দলীয় সমর্থকক সোমবাৰে খানাপাৰাত একগোট কৰাৰ পাছত খানাপাৰাৰ পৰা হেঙেৰাবাৰীলৈ উলিওৱা হ’ব বিশাল সমদল। ৰাজ্যিক বিজেপিৰ দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি সকলো জাতি-জনগোষ্ঠীৰ নৃত্য-গীতৰ লগতে গুৱাহাটীবাসীৰ পূৰ্ণ সহযোগিতাৰে সোমবাৰে উলিওৱা এই বিশাল সমদলেৰে বিজেপিয়ে শক্তি প্রদর্শন কৰাই নহয়, পূৰ্বৰে পৰা যে গুৱাহাটী বিজেপিৰ দুৰ্গ তাক সোমবাৰৰ সমদলেৰে স্পষ্ট কৰি দিয়া হ’ব। ইফালে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী প্রদ্যুৎ বৰদলৈ বিজয় সংকল্প গ্রহণ কৰি নিৰ্বাচনী প্রস্তুতি সন্দর্ভত কয়- বিজেপি পৰিয়ালৰ হাতৰ আঙুলিত ধৰি দিছপুৰ সমষ্টিত প্ৰচাৰ চলাবলৈ মই সাজু হৈছোঁ। বিজেপি দলৰ সু-সংহত সাংগঠনিক ভেটি দেখি মই অভিভূত। মোক আঙুলিত ধৰি বিজেপি পৰিয়ালে মোক লৈ যাব লাগিব, মোক সাহস দিব তেওঁলোকে। বিজেপিৰ কাৰ্যকৰ্তাই মোৰ নিৰ্বাচনৰ ভৰসা। আনহাতে নির্বাচনী প্রস্তুতি সন্দর্ভত নিউ গুৱাহাটী সমষ্টিৰ প্রার্থী দিপ্লুৰঞ্জন শৰ্মাই কয়- নিউ গুৱাহাটীৰ দৰে এক সম্ভ্রান্ত সমষ্টিৰ প্রার্থী হ’বলৈ পাই নিজকে ধন্য মানিছোঁ। এই সমষ্টিটোত প্রার্থিত্বৰ বাবে প্ৰাৰ্থীগৰাকীৰ বহু গুণ থকা প্রয়োজন। এই গুণ গঢ়ি তোলাৰ বাবে মই সকলো ধৰণৰ চেষ্টা কৰিম। ইফালে বিৰোধীয়ে দিপ্লুৰঞ্জন শৰ্মাক নিউ গুৱাহাটী সমষ্টিত চালানী নেতা বুলি কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি প্রার্থীগৰাকীয়ে কয়- অস্তিত্বহীন কংগ্রেছে লোকেল-চালানী বুলি হতাশগ্রস্ততাৰহে পৰিচয় দিছে। গুৱাহাটীত মই বিগত ২৫ বছৰ ধৰি আছোঁ। বিৰোধীয়ে মোক চালানী বুলি কোৱাৰ আগতে একেই বিৰোধীয়ে বায়নাড় সমষ্টিত ৰাহুল গান্ধীয়ে নিৰ্বাচন খেলাৰ বাবে চালানী বুলি ক’ব নে নাই? প্রয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়েও মাৰ্ঘেৰিটাত নির্বাচন খেলিছিল। তেওঁক বিৰোধীয়ে কি বুলি ক’ব? চালানী-লোকেল বুলি কোনো কথা নাই। কোন ৰাজনৈতিক দলে আদৰ্শৰ কথা কয় সেয়াহে চাবলগীয়া। আজি জাতি-মাটি-ভেটিৰ কথা কোন দলে কৈছে? কংগ্রেছে কেতিয়াও জাতি-মাটি-ভেটিৰ কথা কোৱা নাই। কংগ্রেছ এতিয়া অচিনাকি লোকৰ দলত পৰিণত হৈছে, কংগ্ৰেছৰ আজিৰ দিনত অস্তিত্ব ক’ত আছে? চৰ অঞ্চলত যদি কংগ্ৰেছৰ অস্তিত্ব নাথাকে, তেন্তে দলটো নিশ্চিহ্ন হৈ যাব। আনহাতে ডিমৰীয়াৰ অগপ প্রার্থী ড° তপন দাসে স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি প্ৰচাৰ অভিযানত নামিব বুলি আজি জানিবলৈ দিয়ে। সংবাদ মাধ্যমৰ আগত অগপ প্রার্থীজনে কয়-ক’ভিডকালৰ পৰাই ডিমৰীয়াবাসী ৰাইজৰ বাবে কাম কৰি আছোঁ। ডিমৰীয়াৰ অগপ আৰু বিজেপিৰ বিষয়ববীয়াসকলৰ লগত বৈঠক অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান আগুৱাই নিম। মন কৰিবলগীয়া যে এনডিএৰ চাৰি প্রার্থীক লৈ আজি অনুষ্ঠিত বিজয় সংকল্প বৈঠকৰ মাজতে প্রার্থিত্ববঞ্চিত অগপ-বিজেপিৰ দুই জ্যেষ্ঠ নেতাক সাক্ষাৎ কৰিলে মধ্য গুৱাহাটীৰ বিজেপি প্রার্থী বিজয় গুপ্তাই। পূৰ্বৰ পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্য আৰু পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক সাক্ষাৎ কৰি দুয়োগৰাকীৰে আশীৰ্বাদ লয় বিজয় গুপ্তাই। আনহাতে গুৱাহাটীৰ ৫টা বিধানসভা সমষ্টি দখলৰ বাবে বিশেষ ৰণকৌশল প্রস্তুত বিজেপি মিত্ৰজোঁটৰ। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিৰ বিপৰীতে আন চাৰি সমষ্টি ক্রমে মধ্য গুৱাহাটী, নিউ গুৱাহাটী, দিছপুৰ ডিমৰীয়াত বিজেপি মিত্রজোঁটে প্রক্ষেপ কৰিছে নতুন মুখক। গুৱাহাটীৰ মুখ্যতঃ এই চাৰিটা সমষ্টিত নতুন প্রার্থীয়ে কিদৰে ভোটাৰ ৰাইজৰ ওচৰলৈ যাব, তাক লৈ হেঙেৰাবাৰীস্থিত জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ল এক ৰুদ্ধদ্বাৰ বৈঠক। দিছপুৰ সমষ্টিৰ বিজেপি প্রার্থী প্রদ্যুৎ বৰদলৈ, নিউ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা, মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজয় গুপ্তা আৰু ডিমৰীয়া সমষ্টিৰ অগপ প্রার্থী ড° তপন দাসৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকতে প্ৰস্তুত কৰা হ’ল নিৰ্বাচনী ৰণনীতি। মুখ্যতঃ কোনে কি ৰণনীতিৰে ভোটাৰৰ ওচৰলৈ যাব, প্ৰচাৰৰ বাবে কিভাৱে আগবাঢ়িব, তাক লৈ অনুষ্ঠিত এই ৰণকৌশল প্রস্তুতি বৈঠকত উপস্থিত থাকিল গুৱাহাটীৰ জিলা সভাপতি তপন চন্দ্র দাস, সাংসদ বিজুলী কলিতা মেধিৰ লগতে ৰাজ্যিক বিজেপিৰ কেইবাজনো নেতা। ইফালে এই বৈঠকতে সোমবাৰে চাৰিওগৰাকী প্ৰাৰ্থীক লৈ বিশাল সমদলেৰে মনোনয়ন দাখিলৰ সিদ্ধান্ত চূড়ান্ত কৰা হয়।