সোনোৱাল কছাৰী যুৱ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতি পুনৰগঠন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সোনোৱাল কছাৰী যুৱ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিখন পুনৰগঠন কৰা হয়৷ এই উপলক্ষে ডিব্ৰুগড় জিলাৰ দুলীয়া-দাইনিজান বাইথ’ মন্দিৰ প্ৰাংগণত পৰিষদৰ এক সাংগঠনিক সভা অনুষ্ঠিত হয়৷ সোনোৱাল কছাৰী যুৱ পৰিষদৰ প্ৰতিষ্ঠাপক উপ সভাপতি তথা সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন সদস্য গদাধৰ চেলেঙৰ সভাপতিত্বত অনুষ্ঠিত সাংগঠনিক সভাখনত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মিলন সোনোৱাল, সাধাৰণ সম্পাদক লোকেশ্বৰ সোনোৱাল, উপ সভাপতি টেপুৰাম সোনোৱালে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিনিধি উপস্থিত থাকে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক লোকেশ্বৰ সোনোৱালে৷ সভাত যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলন সোনোৱালকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়৷ বক্তব্যত মিলন সোনোৱালে কয় যে সোণোৱাল কছাৰী যুৱ পৰিষদে সোনোৱাল কছাৰীসকলৰ স্বায়ত্ত শাসন প্ৰাপ্তিত সন্মুখৰ পৰা নেতৃত্ব দিছিল৷ জনগোষ্ঠীটোৰ মাজত এই সংগঠনটোৰ এক নিজস্ব গণভিত্তি আছিল৷ পৰিষদ গঠনৰ পিছতো চৰকাৰকে ধৰি বিভিন্ন পক্ষই গ্ৰহণ কৰি অহা সোনোৱাল কছাৰী তথা বিভিন্ন জনজাতি বিৰোধী অৱস্থানৰ বিৰুদ্ধে সজোৰে মাত মাতি আহিছে৷ কিন্তু মাজতে বিভিন্ন কাৰণত সোনোৱাল কছাৰী যুৱ পৰিষদৰ সাংগঠনিক কাম-কাজ স্থবিৰ হৈ পৰিছিল৷ এতিয়া সংগঠনটোৱে পুনৰ সাংগঠনিক কাম-কাজ কৰাৰ লগতে অন্যান্য ক্ষেত্ৰতো সক্ৰিয় হৈ পৰিছে বুলিও সোনোৱালে ভাষণত উল্লেখ কৰে৷ ইয়াৰে অংশ হিচাপে অসমৰ বিভিন্ন জিলাত সোনোৱাল কছাৰী যুৱ পৰিষদৰ জিলা সমিতিসমূহ পুনৰ গঠন কৰাৰ প্ৰসংগও তেওঁ বক্তব্যত উল্লেখ কৰে৷ সভাত প্ৰণৱ বড়াক সভাপতি, ৰাজীৱ সোনোৱালক কাৰ্যকৰী সভাপতি আৰু ইৰাণ সোনোৱালক সাধাৰণ সম্পাদক হিচাপে লৈ সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ ৩১ জনীয়া সমিতিখনি পুনৰ গঠন কৰা হয়৷ উল্লেখ্য যে অহা ২৮ আৰু ২৯ মাৰ্চত তিনিচুকীয়া জিলাৰ শদিয়াৰ গড়গাঁও ৰাজহুৱা খেল পথাৰৰ অয়লাসগত জয়ন্ত সোনোৱাল ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে পৰিষদৰ তৃতীয় কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ আয়োজন কৰিছে৷ সাংগঠনিক সভাত উক্ত অধিৱেশন সন্দৰ্ভতো বিস্তৃতভাবে আলোচনা কৰা লগতে অধিৱেশনখনি সফল ৰূপায়নৰ বাবে সকলোৰে সহযোগিতা কামনা কৰিছে৷
