সোনম ৰঘুবংশীসহ পাঁচ অভিযুক্তক ৮ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ  

সোনম ৰঘুবংশীসহ পাঁচ অভিযুক্তক ৮ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ  

ৰঙিলী বাৰ্ত্তাসেৱা– ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘুবংশীসহ পাঁচ অভিযুক্তক ৮ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে । এছ আই টি প্ৰধান আৰু পূব খাছী হিলচৰ আৰক্ষী অধীক্ষক আদিকে ধৰি মেঘালয় আৰক্ষীৰ এটা দলে বুধবাৰে বিয়লিৰ ভাগত অভিযুক্ত কেইজনক জিলা আদালতত হাজিৰ কৰে । আদালতে আটাইকেইজন আভিযুক্তক ৮ দিনৰ বাবে আৰক্ষীৰ জিম্মা মঞ্জুৰ কৰাত আৰক্ষীয়ে অভিযুক্ত সোনম ৰঘুবংশী, ৰাজ সিং কুশৱাহা, আকাশ ৰাজপুত, বিশাল সিং চৌহান আৰু আনন্দক পুনৰ সদৰ থানালৈ আনে । ২ জুনত মেঘালয়ৰ চেৰাপুঞ্জীত ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰৰ পাছতেই তেওঁৰ হত্যাকাণ্ডৰ ঘটনা দেশজুৰি চৰ্চিত হৈ পৰিছই ৷ মেঘালয় আৰক্ষীয়ে এই হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে । চলি থকা এই তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত মেঘালয়ৰ পূব খাছী হিলচৰ আৰক্ষী অধীক্ষক বিবেক চিয়েমে কয়- “সোনম ৰঘুবংশী এই হত্যাকাণ্ডত জড়িত থকাৰ পৰ্যাপ্ত প্ৰমাণ মজুত আছে । হত্যাকাণ্ডত জড়িত থকাসকলক মাৰাথন জেৰা কৰাৰ অন্ততহে আৰু বহু তথ্য পোহৰলৈ আহিব ।” ইফালে সোনমৰ ভ্ৰাতৃৰ মন্তব্যই সৃষ্টি কৰিছে চাঞ্চল্য । সোনমক ফাঁচীৰ দাবী উত্থাপন কৰি ৰাজা ৰঘুবংশীৰ হত্যাত সোনম ১০০ শতাংশ জড়িত থকা বুলি দাবী কৰে স্বয়ং সোনমৰ ভ্ৰাতৃয়ে । সোনমৰ ভ্ৰাতৃ গোবিন্দই কয়- “সোনমে নিজকে দোষী বুলি মানি নলয় । তাইৰ সৈতে আমাৰ আৰু একো সম্পৰ্ক নাই । আমি তাইৰ সৈতে সকলো সম্বন্ধ ছিঙি দিলো । মই ৰাজা ৰঘুবংশীৰ হৈ যুঁজিম।” উল্লেখ্য যে মেঘালয় আৰক্ষীয়ে আজি সোনমসহ আটাইকেইজন অভিযুক্তক হত্যাকাণ্ড সংঘটিত কৰা স্থানলৈ নিব আৰু সমস্ত ঘটনাৰ পুনৰ দৃশ্যয়ন কৰিব ৷