সোনকালেই চৰকাৰ সলনি কৰিব লাগিব
চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি
আচলতে মোৰ লিখনিৰ শীৰ্ষক দেখা পায় বহুতে হয়তো মনে মনে ভালে পাইছে আৰু কিছুমানে বহু আচৰিত হৈ ইয়াত কি বা কথা উল্লেখ কৰিবলৈ বিচাৰিছে বুলি পঢ়িবলৈ আৰম্ভ কৰিছে । সচাকৈ বহু বিতৰ্কিত বিষয় এটা লৈ চৰ্চাৰ আৰম্ভণি কৰিবলৈ লৈছোঁ নহয় জানো? । চাওঁক দেশ বা ৰাজ্য এখনৰ চৰকাৰ গঠন কৰিবলৈ আজিৰ সময়ত বিশ্বৰ প্ৰায় প্ৰতিটো দেশতে নিজ দেশৰ জনসাধাৰণক লৈ প্ৰত্যক্ষ বা পৰোক্ষভাৱে ভোট দানৰ বহল প্ৰক্ৰিয়া আৰম্ভ হয়। তাৰ পৰিবৰ্তি সময়ত দেশ বা ৰাজ্য এখনৰ শাসনৰ ভাৰ কিছুমান দল বা ব্যক্তিৰ হাতত দায়িত্ব অৰ্পণ কৰা হয়। গতিকে আমাৰ দেশ বা ৰাজ্যৰো সেই একেধৰণৰে প্ৰক্ৰিয়া । এতিয়া কথা হ’ল জনগণৰ হাতত কবলৈ গ’লে পৰোক্ষভাৱে হ’লেও বহুত ডাঙৰ অধিকাৰ অন্তৰ্নিহিত হৈ আছে। কিন্তু আমাৰ দেশত সামান্য কিছুমান দল- সংগঠনক লৈ ৰাজনীতিৰ গহমা-গহমী চলে বাবে আমাৰ হাতত বিকল্প সীমিত হৈ পৰে নেকি বাৰু ?। গহীনভাবে যদি আমি নিজ নিজ ঠাইৰ জনসাধাৰণৰ এক হৈ আলোচনা কৰো তেন্তে তাৰ কিবা বিকল্প দিশ আমি তৈয়াৰ কৰি উলিয়াবলৈ অসামৰ্থ নেকি ?। চাওঁক যদি চৰকাৰ এটা গঠনৰ প্ৰথম প্ৰক্ৰিয়া যদি আমাক লৈয়েই আৰম্ভণি হয় তেন্তে ইয়াৰ পিছৰ পৰ্যায়ত জনসাধাৰণৰ মতামতৰ অন্তৰ কিয় আহি পৰে। হয় আমি আমাৰ সৰ্বাংগীন বিকাশ দিশত যাৰ ওপৰত বিশ্বাস ৰাখি শাসনৰ গাদীত বহোৱাও তাৰে কিছু দিন পাৰ হৈ যোৱাৰ পাছতে আমি সেই মানুহবোৰে মিলি সমালোচনা কৰিবলৈ আৰম্ভ কৰোঁ । এনেকৈ আচলতে এটা দলৰ চৰকাৰৰ দিনতে আৰম্ভ কৰিবলৈ লোৱা কেতবোৰ প্ৰকল্প অন্য এক চৰকাৰৰ গঠনৰ লগে লগে সেই আগৰ প্ৰকল্প সমূহ নিৰ্মাণ কাৰ্য স্থগিত হৈ পৰা দেখা যায়। এইটো একেবাৰে সাধাৰণ কথা নহয়নে। কাৰণ প্ৰতিটো ৰাজনৈতিক দল সংগঠন সমূহৰ লক্ষ্য আৰু উদ্দেশ্য বেলেগ বেলেগ হয়। গতিকে চৰকাৰ গঠন কৰিলেই নহ’ব চৰকাৰৰ ওপৰত দেশৰ প্ৰায় প্ৰতিটো জনগণৰ ভৰসা একদম অটুট থাকিব লাগিব। বিকশিত দেশবোৰৰ কথা যদি আমি নিৰীক্ষণ কৰি চাওঁ তেন্তে চৰকাৰ প্ৰতিটো ভাল কামৰ প্ৰতি সকলোৱে মিলি সহাৰি জনাই আৰু বেয়া কামৰ প্ৰতি প্ৰতিজন মানুহে অসন্তুষ্টি প্ৰকাশ কৰে। অৰ্থাৎ বিকশিত দেশবোৰত চৰকাৰ আৰু দেশৰ জনসাধাৰণৰ মাজত এক মধুৰ সম্পৰ্ক গঢ় লৈ উঠা দেখা যায়। কিন্তু আমাৰ ইয়াত কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ প্ৰতিহে আগ্ৰহী দেশৰ নেতাই হওঁক বা সাধাৰণ দেশৰ জনতা । গতিকে নিজে গঠন কৰা চৰকাৰ হ’লেও যদি ব্যক্তিগত স্বাৰ্থ সিদ্ধি নহয় তেন্তে প্ৰতিজন ব্যক্তিৰ মুখতে কথা এটাই, এই দল বা চৰকাৰ ভাল নহয় গতিকে সোনকালেই চৰকাৰ সলনি কৰিব লাগিব। এইয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰকৃত ৰাজনীতি। গতিকে অকল আমাৰ ইয়াৰ ৰাজনীতি কৰা সকলে একমাত্ৰ বেয়া নহয় মুঠতে আমি প্ৰায় সংখ্যক দেশৰ জনতায়ে বহু মিচলিয়া আৰু স্বাৰ্থপৰ ।