সোনকালেই উৎপাদনৰ নিমিত্তে কৃষিকাৰ্যত ভেজাল
চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি
কৃষিকাৰ্য বা কৃষি মানবজাতিৰ আদিমতম পেচা হিচাপে চিহ্নিত। মানুহৰ জীবনধাৰণৰ বাবে শস্য উৎপাদন বা গৃহপালিত পশু ৰক্ষণাবেক্ষণৰ বাবে যথোচিত খাদ্য আৰু প্ৰয়োজনীয় সামগ্ৰীৰ উৎপাদনৰ অৰ্থে কৃষিকাৰ্য কৰা হয়। আচলতে কৃষিকাৰ্যৰ ইতিহাস বুলি ক’লে বহু হাজাৰ হাজাৰ বছৰ পুৰণি। আধুনিক সময়ত কৃষিৰ উন্নয়ন বুলি ক’লে আমাৰ অঞ্চলবোৰৰ জলবায়ুৰ উপৰিও আৰু উন্নত মানৰ বৈজ্ঞানীক প্ৰযুক্তি আৰু পদ্ধতি ব্যৱহাৰৰ ওপৰত বহুপৰিমাণে নিৰ্ভৰশীল হৈছে নহয়নে?। এতিয়া কথা হ’ল আমাৰ জনসংখ্যাৰ বৃদ্ধিৰ লগে খাদ্য-শস্যৰ চাহিদা বহু পৰিমাণে বৃদ্ধি হোৱাটো এনেই স্বাভাৱিক। কিন্তু আধুনিকতাৰ কালক্ৰমত পৰি লগতে গ্ৰাম্য অঞ্চলৰ মানুহবোৰ নিজৰ সুবিধাৰ্থে নগৰমূখী হোৱাৰ বাবে আমাৰ দেশৰ বহু মানুহে কৃষি কাৰ্য পৰিত্যাগ কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু এইটো ভ্ৰান্তি মনতে নানিব যে আমাৰ কৃষি কাৰ্যৰ বাবে ঠাই বা মাটিৰ অভাৱ। আচলতে আমাক এতিয়া পৰ্যাপ্ত পৰিমাণে কৃষি কাৰ্য কৰা মানুহবোৰৰে অভাৱ পৰিলক্ষিত হৈছে। গতিকে বৰ্তমান কৃষিকাৰ্যৰ লগত সংগতি ৰাখি থকা কৃষক সকলে খাদ্য- শস্যৰ চাহিদা পুৰণৰ অৰ্থে লগতে অধিক ধন সংগ্ৰহৰ অৰ্থে কৃষিৰ উৎপাদনত ভেজাল কৰা পৰিলক্ষিত হৈছে। চাওঁক ভেজাল সামগ্ৰী উৎপাদনৰ বাবে অকল কেৱল আমি কৃষক সকলকে দোষাৰোপ কৰিলে নহ’ব। কাৰণ বৰ্তমান সময়তো কৃষিকাৰ্যৰ বাবে যিমান উন্নত মানৰ সা-সুবিধা কৃষক এজনক আমি প্ৰদান কৰিব লগিয়া আছে হয়তো তাৰ পৰা তেওঁলোক বঞ্চিত হৈয়ে আছে নহয়নে?। সেয়েহে কৃষক সকলে নিজৰ নিজৰ উৎপাদিত খাদ্য -শস্য প্ৰয়োজন অনুসৰি সংৰক্ষণ বা ৰক্ষা কৰাত অসামৰ্থ হোৱা খবৰ আমি প্ৰায়ে কাগজে-পত্ৰয়ে পঢ়িবলৈ পায়ে থাকো। গতিকে লক্ষ্য লক্ষ্য টকা বিনা কাৰণতেই ব্যয় হোৱাৰ ফলত আগন্তুক সময়বোৰত সেই ব্যয় হোৱা টকাবোৰ সংগ্ৰহৰ অৰ্থে হয়তো লগতে মানুহৰ চাহিদা অনুসৰি খাদ্য-সামগ্ৰী সোনকালেই উৎপাদনৰ নিমিত্তে কৃষিকাৰ্যত ভেজাল কৰা আমি দেখিবলৈ পাওঁ। কৃষি আজিকালি বহুত ভেজাল দেখিবলৈ পাইছোঁ আমি সকলোৱে এই কথা বাৰুকৈয়ে উপলব্ধি কৰিছোঁ। কিন্তু ভেজাল খাদ্য শস্যৰ উৎপাদনৰ আঁৰৰ কথাবোৰ আমি কিমান মানুহে বুজিবলৈ চেষ্টা কৰিছোঁ ?। চাওঁক এইখিনি এইটো কথাকে আপোনালোকক অবগত কৰিবলৈ চেষ্টা কৰিছোঁ যে, কিবা এটা বেয়া দিশৰ আঁৰত আমি কেতিয়াবা প্ৰত্যক্ষ ভাৱে জড়িত নহ’লেও হয়তো আমি পৰোক্ষভাৱে জড়িত হৈ থাকিব পাৰোঁ। কাৰণ আমি কৃষিকাৰ্যৰ লগত জড়িত নহ’লেও ইয়াৰ প্ৰতি আমি পূৰ্ণ সমৰ্থন জনাব লাগে। তাৰ উপৰিও নিজৰ সামৰ্থ্য অনুসৰি সহায় সহযোগিতা কৰাৰ লগতে নিৰ্বাচিত চৰকাৰৰ পৰা কৃষি মূলক আচঁনি সমূহৰ যোগান ধৰাৰ ব্যৱস্থা কৰি দিব লাগে। আমি সকলোৱে মিলি উঠি অহা নৱপ্ৰজন্মক কিদৰে কৃষিকাৰ্য লগত জড়িত হৈ কৰ্ম সংস্থাপনবাবে বাট মুকলি কৰিব পাৰি ইয়াৰ প্ৰতি সজাগতা আৰু প্ৰেৰণা প্ৰদান কৰিব লাগিব। কাৰণ আমি বহুতেই দেখিছোঁ যে গ্ৰাম্য অঞ্চলত বসবাস কৰা লোকসকলে নিজৰ কৃষি ভূমি থকা সত্বেও অধিক ধন সংগ্ৰহৰ আশাৰে নগৰমূখী হোৱা পৰিলক্ষিত হয়। কিন্তু আচলতে আমি যথাৰ্থ পৰিশ্ৰম আৰু নিজ বিবেক বুদ্ধিৰ জৰিয়তে কৃষি কাৰ্য্যত নামি পৰো তেন্তে কিদৰে নিজৰ প্ৰয়োজন সাপেক্ষে ধন সংগ্ৰহ কৰি জীবিকাৰ পথ মুকলি কৰিব পাৰোঁ এই বিষয়ে উঠি অহা নৱপ্ৰজন্মক অবগত কৰিব লাগে । ঠিক তেতিয়াহে হয়তো আমাৰ প্ৰয়োজন অনুসৰি খাদ্য-সামগ্ৰী চাহিদা পূৰণ হ’ব আৰু ভেজাল সামগ্ৰী উৎপাদনৰ পৰিমাণ দিনক দিনে কমি অহা আমাৰ দৃষ্টিগোচৰ হ’ব।