সোণাৰ টুকুৰা ল’ৰা – যুগান্ত দাস

( অনুবাদ গল্প )

সোণাৰ টুকুৰা ল’ৰা

যুগান্ত দাস,
ভৱানীপুৰ বজালী

মূলঃ–সোনাৰ টুকৰো ছেলে ( বাংলা )
লিখকঃ– উৎপল ধৰ
অসমীয়া অনুবাদঃ — যুগান্ত দাস

অহা সপ্তাহত মোৰ অৱসৰ , সেইয়ে মনটো ভাৰাক্ৰান্ত। কাপৰ চাহ টেবুলতে ঠাণ্ডা হ’ল, খাবলৈ মন যোৱা নাই। তেতিয়াই ল’ৰাৰ ফোন — দুই এটা কথা পতাৰ পিছত মোৰ অৱসৰৰ দিনটো তাক মনত পেলাই দিলো আৰু ক’লো, যদি ছুটী ল’ব পাৰে তেনেহ’লে ইয়ালৈ আহক , মনত জোৰ পাম । সিও একাষাৰতে ৰাজি হৈ গ’ল।

মই এটা ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰোঁ। য’ত কোনো পেঞ্চন নাই , তথাপিও অৱসৰৰ সময়ত প্ৰভিডেণ্ট ফাণ্ড ইত্যাদি মিলাই কিছু টকা পালোঁ। ল’ৰাই ক’লে, আটাইখিনি টকা বেঙ্কত ৰাখিবলৈ। এতিয়াৰ পৰা মাহৰ খৰচ প্ৰতি মাহে সি পঠাব । আমাৰ সোণৰ টুকুৰা ল’ৰা যে ! প্ৰায় চাৰিবছৰ হ’ল, আমাৰ ল’ৰা এটা বহুজাতিক প্ৰতিষ্ঠানত চাকৰি কৰে –বেশ মোটা অঙ্কৰ পেকেজ। মহাৰাষ্ট্ৰৰ পুণেত কৰ্মৰত । তাৰ ইচ্ছা আছিল আমাৰ দুজনকো তাৰ তালৈ লৈ যোৱাৰ । কিন্তু বৰ সৰু ফ্লেট , অসুবিধা হ’ব । যোৱাৰ আগত কৈ গ’ল, ফ্লেটৰ ব্যৱস্থা কৰি পিছত লৈ যাব ।

এমাহ পিছত ল’ৰাৰ ফোন আহিল ,‌ ” অফিচৰ ওচৰতেই এটুকুৰা মাটি পাইছে , ভাবিছে মাটি টুকুৰা কিনি ঘৰ বনাই নিব । ফ্লেট কিনাতকৈ ভাল‌ হ’ব। তুমি যদি মান্তি হোৱা এই কামত আগবাঢ়িব পাৰি। ” শুনি ভালেই লাগিল। ক’লো, ” মাটি কিনি ঘৰ সজাটোৱেই বুদ্ধিমানৰ কাম হ’ব। যদি প্ৰয়োজন হয় মইও কিছু টকা দিব পাৰিম । “

কথাতেই আছে , ধৈৰ্যৰ ফল মিঠা । এক বছৰৰ ভিতৰত ঘৰ বনোৱা হৈ গ’ল । ল’ৰাই মাটি কিনাৰ পৰা আৰম্ভ কৰি কামৰ অগ্ৰগতি দেখুৱাবলৈ মাজে মাজে ফটো আৰু ভিডিও পঠায় । ঘৰটো বৰ সুন্দৰ হৈছে , তথাপি এতিয়াও সৰুসুৰা কিছু কাম বাকী আছে । ল’ৰাই যদিও কৈছিল নালাগে , তথাপিও অলপ অলপ কৰি টকা পঠাওতে পঠাওতে বেঙ্কত থোৱা গোটেই টকা শেষ হৈ গৈছে । অহা সপ্তাহত ল’ৰা আহিব , আমাক লৈ যাব ।

ফ্লাইটৰ টিকট ল’ৰাই আগতীয়াকৈ কাটিছে — শিলিগুৰিৰ পৰা পুণে । প্ৰথমবাৰ ফ্লাইটত উঠিম , আমাৰ দুয়োজনৰেই যিমান আনন্দ লাগিছে, সিমানে ভয়ো লাগিছে । আমাৰ ঘৰৰ পৰা শিলিগুৰি এয়াৰপোৰ্ট প্ৰায় দুই ঘণ্টাৰ ৰাস্তা । বাছত গ’লে কষ্ট হ’ব — সেয়ে টেক্সি ভাড়া কৰিছে । যিহেতু পুণেতেই স্থায়ীভাবে থাকিম , ইয়ালৈ আৰু উভতি অহা নহ’ব, সেয়ে ইয়াৰ ঘৰ-মাটি বিক্ৰী কৰি দিয়া হ’ল । বিক্ৰীৰ টকাখিনি নতুন ঘৰৰ কাৰণে যি লোন লোৱা হৈছিল সেই একাউণ্টত জমা কৰি দিলোঁ ।

ল’ৰাই কৈছিল , যোৱাৰ পথত এটা মন্দিৰ আছে — পত্নীৰ ইচ্ছা তাত পূজা দিব । মন্দিৰৰ সন্মুখৰ ৰাস্তাত গাড়ী ৰখালোঁ । ড্ৰাইভাৰে ক’লে, জোতা গাড়ীতে থৈ যাব । ইয়াৰ উপৰিও বেগ , মোবাইল ইত্যাদি লৈ মন্দিৰত প্ৰবেশ নিষেধ — সেইবিলাকো গাড়ীতে থৈ গ’লোঁ। গাড়ীত বহুত বস্তু-বাহানি আছে , সেয়ে ল’ৰা গাড়ীতে ৰ’ল । সি ক’লে, ” দৌৰাদৌৰি কৰি আহিব নালাগে , ফ্লাইটলৈ বহু সময় আছে। ” আমি দুয়ো ওপৰৰ মন্দিৰৰ পিনে আগবাঢ়ি গ’লোঁ ।

পূজা কৰি ঘুৰি আহি দেখিলো গাড়ী নাই। ইফালে সিফালে দৃষ্টি ঘূৰাই দেখিলোঁ, ক’তো নাই। ভাবিলোঁ, ল’ৰা হয়তো ওচৰ-পাজৰে ক’ৰবাত আছে , এতিয়াই আহি পাব। ওচৰতে থকা বেঞ্চ এখনত বহি অপেক্ষা কৰিব ধৰিলো। সময় গৈ আছে , মনত ভয় বাঢ়িছে । চাওতে চাওতে ফ্লাইটৰ সময় পাৰ হৈ গ’ল — যি ভয় লাগিছিল , মনে ধৰিছে সেয়াই ঘটিছে। আমাৰ সোণৰ ল’ৰাই আমাক নিঃস্ব কৰি পলাই গ’ল। সন্ধ্যা হৈ আহিছে , বুজি পোৱা নাই কি কৰিম , ক’লৈ যাম। আমাক তাত বহি থকা দেখি মন্দিৰৰ পুৰোহিত আগুৱাই আহিল । সকলো শুনি ক’লে, ” আহক , চাওঁ ,আপোনালোকৰ কাৰণে দুই চাৰিদিন ইয়াতে থকাৰ এটা ব্যৱস্থা কৰি দিওঁ । ইয়াৰ মাজতে নিশ্চয় আপোনালোকে নিজেই ব্যৱস্থা কৰি ল’ব পাৰিব । “

পিছদিনা ৰাতিপুৱা মন্দিৰৰ সন্মুখত ঘূৰি আছিলোঁ। হঠাৎ শুভঙ্কৰক দেখিলো — যি আমাৰ ঘৰটো কিনিছে , এইফালেই আহিছে , লগত তাৰ ঘৈণীয়েক ৰমা । মন্দিৰত পূজা দিব নিশ্চয় । পত্নীয়ে সিহঁতক দেখি দৌৰি গৈ শুভঙ্কৰৰ হাততে ধৰি চিঞৰি চিঞৰি কান্দিব ধৰিলে । গোটেই ঘটনাটো শুনি সি খঙত আমাৰ ল’ৰাক ফোন কৰিবলৈ চেষ্টা কৰিলে , কিন্তু প্ৰতিবাৰেই চুইচ অফ পায় । শুভঙ্কৰ আমাৰ ল’ৰাৰ সহপাঠী — সেই সূত্ৰেই ঘৰটোও বহুত কম দামত বিক্ৰি কৰিছিলোঁ ।

শুভঙ্কৰৰ ঘৈণীয়েকে ক’লে, ” আপোনালোকৰ ল’ৰা পলাইছে তাতে কি হ’ল , আমিতো আছোঁ । ঘৰ আমি কিনিছো ঠিকেই , আচলতে সেইটোতো আপোনালোকৰেই ঘৰ । আপোনালোক আমাৰ লগতেই থাকিব ।” পূজাৰ শেষত সিহঁতৰ গাড়ীতেই আমিও এৰি যোৱা ঘৰলৈ উভতিলোঁ । মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত পুৰোহিতে কৈছিল , ” যদি কেতিয়াবা কোনো প্ৰয়োজন হয় , তেনেহ’লে নিৰ্দ্ধিধাই গুচি আহিব । মই যথাসম্ভৱ চেষ্টা কৰিম সহায় কৰিবলৈ । “

ঘৰলৈ আহি দেখিলো , আমাৰ শোৱনিকোঠাটো একে ধৰণে আছে — একো সালসলনি হোৱা নাই । আমাৰ শোৱনিকোঠাতেই থকাৰ ব্যৱস্থা কৰা হ’ল । অলপ হ’লেও মনত শান্তি পালোঁ । শুভঙ্কৰে ক’লে, ” কালি আপোনালোক ওলাই যোৱাৰ পাছতেই আমি প্ৰৱেশ কৰিছোঁ । সেয়ে বস্তু -বাহানি বৰ এটা সাল-সলনি কৰাৰ সময় পোৱা নাই । ইয়াতে আপোনালোকে নিজৰ ঘৰ বুলি ভাবি থাকক । “

কিছুদিন পিছত পত্নী নতুন উদ্যমেৰে ৰন্ধাৰ কামত লাগিল । মইও ৰাতিপুৱা আগৰ দৰে বজাৰ কৰিবলৈ ওলাই যাওঁ । আগতে আমাৰ এজন ঠিকাত কাম কৰা মাহী আছিল , শুভঙ্কৰে সেই কথা কলে । সি ক’লে, ” ঘৰটো কিনোতে বহু টকা খৰচ হৈ গ’ল, সেয়ে‌ এতিয়া মাহীৰ কথা ভাবিব পৰা নাই , পিছত দেখা যাব ।” অলপ ৰৈ আকৌ ক’লে, ” আপুনিতো বহিয়ে থাকে , সৰুসুৰা কামবোৰ নিজৰ বুলি ভাবি কৰিলেই হ’ল । “

এতিয়া পত্নীয়ে ৰন্ধা বঢ়াৰ উপৰিও ঘৰ মোছা , বাচন ধোৱা , কাপোৰ ধোৱা — সকলো কৰে । আৰু মই বজাৰ কৰা , বাগিছা চাফা কৰা গাড়ী ধোৱা সকলো কৰোঁ । গোটেই দিনটো আৰু একো কামেই নাই , সেয়ে এইবিলাক কৰোতে অসুবিধা হোৱা নাই ।

আজি ৰাতিপুৱাই ৰমাই কৈছিল সন্দেশ আনিবলৈ , পূজা কৰিব । মই চুবুৰীৰ দোকানলৈ গ’লোঁ সন্দেশ কিনিবলৈ । দোকানৰ মালিকে মোক দেখি ক’লে, ” দাদা আপোনাৰ সকলো কথাই মই শুনিছোঁ , ভাবিছিলো এবাৰ দেখা কৰিম ।‌আপুনি আহিছে ভালেই হ’ল ।”মই জানিব বিচাৰিলো ” কিবা ক’বা? ” সি ক’লে, ” মই শুভঙ্কৰক মোবাইলত আপোনাৰ ল’ৰাৰ লগত কথা পতা শুনিছোঁ । সি আপোনাৰ ল’ৰাক ধন্যাবাদ দিছিল বিনা পইচাত দুজন কাম কৰা মানুহ জোগাৰ কৰি দিয়াৰ বাবে । সেয়ে আপুনি অলপ ভাবি-চিন্তি চলিব ।” কথাটো শুনি শৰীৰটো কিবা যেন ৰাই জাঁই কৰি উঠিল । সন্দেশ নিকিনাকৈ উভতি আহিলোঁ ।

পত্নীক ক’লোঁ প্ৰয়োজনীয় বস্তু বাহানি সামৰা –সিহঁত অহাৰ আগতেই ওলাই যাব লাগিব । বজাৰৰ টকা লগতেই আছিল , বাছত উঠি চিধা সেই মন্দিৰলৈ গুচি আহিলোঁ । পুৰোহিতৰ দয়াত মন্দিৰত থকাৰ ব্যৱস্থা হ’ল, আৰু আমি দুয়োজনে মন্দিৰৰ কামত জড়িত হৈ পৰিলোঁ । এতিয়া পুৱা-গধূলি ওপৰৱালাৰ ওচৰত ল’ৰাৰ উন্নতিৰ কাৰণে প্ৰাৰ্থনা কৰোঁ । আৰু মাজে মাজে‌ তললৈ নামি , য’ত আমাৰ ল’ৰাই গাড়ী লৈ অপেক্ষা কৰাৰ কথা আছিল , তালৈ আহি চাওঁ — গাড়ীখন আহিল নে নাই । মনে কয় ল’ৰা এদিন আহিব । আমাক এৰি সি বেছিদিন থাকিব নোৱাৰে ।