সোণাৰু গছৰ  কিছু নজনা কথা – মুন শৰ্মা

PC - Wikimedia Commons
সোণাৰু গছৰ  কিছু নজনা কথা
মুন শৰ্মা, লখিমপুৰ
আমাৰ পৃথিৱী খনৰ বহুতো বস্তুৱে মানৱ জাতিক সদায় আকৰ্ষণ কৰি আহিছে। তাৰে ভিতৰত অন্যতম এটা আকৰ্ষণ হ’ল “ফুল”  গোটেই বিশ্বৰ হাজাৰ প্ৰজাতিৰ নানা ৰঙৰ  অজস্ৰ  ফুলে মানুহক কৰি আছে যুগে যুগে মোহিত। আৰু এই সুন্দৰ অনুপম  ফুলৰ অন্যতম এক বিতুপন ফুল হ’ল সোণাৰু ফুল। বসন্ত কালৰ শেষৰ ফালে ফুলিব ধৰা বা ফুলা হালধীয়া ৰঙৰ  এই ফুলে কৰি তোলে মন বিমোহিত  সকলোকে ।বিশেষকৈ ভাৰতৰ দক্ষিণ দিশৰ মানুহৰ বাবে বিশেষ এই ফুলৰ গছ জোপা   তেওঁলোকৰ জাতীয় উদ্ভিদ বুলি কয়। লগতে ফুল পাহ আমাৰ কেৰেলা ৰাজ্যৰ জাতীয় ফুল। গল্ডেন ৰেইন ট্ৰী বুলি কোৱা সোণাৰু গছ জোপা যদিও ভাৰতৰ সকলোতে পোৱা যায় তথাপি ইয়াৰ সংখ্যা দক্ষিণ ভাৰতত অধিক। অন্য হাতে ই অকল ভাৰততে নহয় দক্ষিণ পাকিস্তান, ম্যানমাৰ, থাইলেণ্ড, শ্ৰীলংকা আদিতো এই গছ প্ৰচুৰ পৰিমাণে দেখা পোৱা যায়। তাৰে ভিতৰত এই গছৰ ফুল থাইলেণ্ডৰ ৰাষ্ট্ৰীয় ফুল।  ইয়াৰ বৈজ্ঞানিক নাম হ’ল Koelreuteria Paniculata আৰু তামিল সাহিত্যত ইয়াক “কনন্দ্ৰাই” বুলি কয়।উজ্বল হালধীয়া সৰু সৰু মৰম লগা ফুল ফুলা এই গছ জোপাৰ উচ্চতা সাধাৰণতে প্ৰায় দহৰ পৰা বিশ্ মিটাৰ লৈকে হয়। আৰু ইয়াৰ ফুল পাহ ১৫পৰা ৬০চেণ্টিমিটাৰ লৈকে দীঘল হয়। বিশেষকৈ গৰম আৰু নাতিশীতোষ্ণ  জলবায়ুত বেছিকৈ হোৱা এই গছ জোপাক আয়ুৰ্বেদিক ঔষধ শাস্ত্ৰত আৰগ্ ভদা বুলি কোৱা হয় ইয়াৰ অৰ্থ (বীজাণু ঘটক)।বহুতো  ঔষধি গুণ থকা সোণাৰু গছৰ ফুলৰ মাজৰ কলা অংশ যেতিয়া সৰু সৰু ল’ৰা ছোৱালীৰ জিভা বগা হয় তেতিয়া তাত লেপি লগাই দিলে ভাল হয়। সোণাৰু গছৰ পাত এপ্ৰিল মে মাহত সৰি যায়।মাত্ৰ ফুল বোৰহে তেতিয়া থাকে আৰু ই  হৈ পৰে তেতিয়াই সকলোকে বেছি ধুনীয়া । গোন্ধ নথকা এই  ধুনীয়া ফুল বোৰ কিছু ফুল দীঘলীয়া হয় কিছু বেলুন আকৃতি হয়।লগতে ইয়াত এবিধ দীঘলীয়া ফল লাগে কেচাত ই সেউজীয়া আৰু পকিলে কলা ৰঙৰ হৈ পৰা এই ফলৰ  গুটি এটা অংশ যাক কোৱা হয় মজ্জা বুলি,তাক পিছিলে ওলোৱা ৰসে মাৰ মধুমেহ,কফ  বেমাৰৰ নাশক থাকে বুলি জনা যায়। আকৌ বিজ্ঞানী মহলে কোৱা মতে  ইয়াত পাত আৰু ফুলত গ্লাইক ‘চাইড, ছাল বোৰত টেনিন, ফ্লু বেফিন আৰু মজ্জা বোৰত শৰ্কৰা, ক্ষাৰ,পানী আদি থকা ই  জ্বৰ,  কাঁহ,  ৰক্তপিত, বাত বেমাৰ, প্ৰমেহ,চকুৰ ৰোগ ডিঙিৰ ৰোগ আদি নাশ কৰিব পাৰে ।