সোণাৰু কৃষ্ণচূড়া পাতিলে ৰঙৰ মেলা
ছেলিমা বেগম, নগাঁও
প্ৰকৃতিৰ পৰা বিদায় ললে ঋতু ৰাজ বসন্ত ।
ধৰণীৰ বুকুত নামি আহিল গ্ৰীষ্ম ঋতু,
ৰাধাচূড়, কৃষ্ণচূড়া,এজাৰ , সোণাৰু
পাতিলে ৰঙৰ মেলা।
চৌদিশে ফুলিলে ডাল ভৰি ভৰি ৰঙা, হালধীয়া , বেঙুনীয়া ফুল
গ্ৰীষ্মকালীন ফুলবোৰ,
আকাশে,বতাহে ৰাঙলী
শুকুলা ডাৱৰৰ লগত
কৃষ্ণচূড়াৰ ধেমালি।
আহঃ, ! কি যেন আনন্দ
প্ৰকৃতিৰ বুকুত,
এখন ৰঙীন দলিচা চৌপাশে
মেলি দিলে জগতৰ নিয়মে।
কৃষ্ণচূড়াৰ ৰঙীন আৱৰণী
লগত এতিয়া শুকুলা ডাৱৰ মুগ্ধ।
কবি সকলৰ মনৰ আবিৰ্ভাৱ বোৰ
নিগৰি আছে কবিতা লিখিবলৈ।
সোণাৰু ফুল ফুলি চৌপাশে সিঁচৰতি হৈ আছে হালধীয়া ৰং খিনি ।
সোণাৰু, কৃষ্ণচূড়া পাতিলে ৰঙৰ মেলা
সেই ৰঙৰ ৰং সানি বৰ্ষা ঋতুৰ আগজাননী দিলে।