সোণাৰু..এজাৰ…কৃষ্ণচূড়াৰ…বতৰ – ৰাজীৱ বৰঠাকুৰ

সোণাৰু..এজাৰ…কৃষ্ণচূড়াৰ…বতৰ

ৰাজীৱ বৰঠাকুৰ(বিজু),তেজপুৰ

এতিয়া সোণাৰু ফুলাৰ বতৰ
ফুলিছে এজাৰ ফুলিছে কৃষ্ণচূড়া…
আৰু তুমি,
তুমি ভাল পোৱা নেকি সোণাৰুৰ হালধীয়া,
হালধীয়া শব্দই গাঁঠিছা নেকি মালা
কুহুমবুলীয়া!
আৰু এজাৰৰ ফুল বোৰ…
এজাৰৰো আছে মাদকতা
আশাবোৰে বেঙুনীয়া বৰণ লয়,
কাজল সনা দুচকুত
সপোনৰ দৌৰা দৌৰি চলে,
বুকুত বাসনা জাগে হেপেহুৱা…
কৃষ্ণচূড়া…
কৃষ্ণচূড়াৰ ৰঙে ৰাঙলী কৰে নেকি কলিজাখন!
এপিয়লা তেজাল সুখত
ৰঙাই নেকি উদাসী উদাসী সন্ধ্যা বোৰ!
এইযে সোণাৰু,এজাৰ,কৃষ্ণচূড়া…
বৰ ভাল লাগে জানা,
সোণাৰুৰ হালধীয়া,কৃষ্ণচূড়াৰ ৰঙা,
এজাৰৰ বেঙুনীয়াই বুকুত লহৰ তোলে
ঝংকাৰিত হয় এটি এটি সুৰ সুমধুৰ গুণগুণ গুণগুণ….
নৈ পৰীয়া আবেলি আবেলি গোন্ধ…
কিবা এক মায়া আছে অ’
অনামী অনামী অবুজ মায়া,
প্ৰকৃতিৰ প্ৰাণৰ শোভা
এক নিভাঁজ আকুলতা
এজাৰ সোণাৰু কৃষ্ণচূড়া….!!