সোণাৰীৰ অগ্ৰণী মহিলা মিতালী গগৈৰ ‘সুৰীয়া মন’ (গীত চয়নিকা) উন্মোচন

সোণাৰীৰ অগ্ৰণী মহিলা মিতালী গগৈৰ ‘সুৰীয়া মন’ (গীত চয়নিকা) উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰকাশন গোষ্ঠী প্ৰাইড আসামৰ দ্বাৰা প্ৰকাশিত মিতালী গগৈৰ ‘সুৰীয়া মন’ শীৰ্ষক গীতৰ সংকলন চৰাইদেউ জিলাৰ সোণাৰী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত উন্মোচন কৰা হয়৷ এই অনুষ্ঠানত উপস্থিত থাকে জাতীয় বিদ্যালয়ৰ শিক্ষা সচিব যোগানন্দ বৰা, সুনীল দত্ত, ৰতি প্ৰভা গগৈ, জুৰি দেৱী ফুকন, বাণী চাংমাই, নৰেন ৰাজখোৱা, নিৰ্মল শইকীয়া, নাজিৰাৰ বিমল ফুকন আদি কৰি অঞ্চলৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি।

গ্ৰন্থখনি উন্মোচন কৰে প্ৰখ্যাত গায়ক তথা সাংস্কৃতিক কৰ্মী বাণী চাংমাই। তেওঁ গ্ৰন্থখনিৰ বিষয়ে কয় যে, “‘সুৰীয়া মন’ গীতৰ পুথি খনি পঢ়ি অভিভূত হ’লো৷ অপূৰ্ব গীতৰ কথা৷ মিতালীৰ গীত সমূহ আমাৰ দলিল হৈ ৰ’ব৷ তেওঁ আগলৈও লিখি যাওক। মিতালীৰ উত্তৰোত্তৰ উন্নতিৰ কামনা কৰিলো৷”

লেখিকা সংস্থা, অসমৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন অধ্যক্ষ, সোণাৰি মহাবিদ্যালয়ৰ ৰতি প্ৰভা গগৈয়ে কয় “শ্ৰীমতী মিতালী গগৈ এগৰাকী সচেতন সাংস্কৃতিক কৰ্মী৷ ‘সুৰীয়া মন’ (গীত চয়নিকা) তেওঁৰ একাগ্ৰ সাধনাৰে ফলশ্ৰুতি৷ শ্ৰীমতী মিতালীয়ে সহৃদয় পাঠকক এখনি সুন্দৰ পুথি উপহাৰ দিয়াৰ প্ৰচেষ্টা অতি প্ৰশংসনীয়৷ পুথিখনিত অন্তৰ্ভুক্ত বিষয়বস্তুৱে অসম তথা সমাজৰ বিভিন্ন সমস্যাক সামৰি ল’বলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে৷ শিশু, নাৰী, জাতি, কৃষ্টি-সংস্কৃতি, অন্ধবিশ্বাস, বিজ্ঞান- প্ৰযুক্তিৰ লগতে তেজস্বিনী গঢ়াৰ সপোন, সেউজী পৃথিৱীত জ্ঞান অন্বেষণেৰে এখনি সুন্দৰ সবল সমাজ গঢ়াৰ সপোন, লেখিকাৰ কলমে সামৰি লোৱা দেখা গৈছে৷ লেখিকাৰ সপোন সফল হওঁক, ‘সুৰীয়া মন’ লৈ আন্তৰিক শুভেচ্ছা।”

‘সুৰীয়া মন’ আৰু মিতালী গগৈৰ বিষয়ে প্ৰকাশন গোষ্ঠী প্ৰাইড আসামে জনাই যে,  ”এই গ্ৰন্থখনিৰ প্ৰতিটো গীতেই লেখিকা মিতালী গগৈৰ জীৱনৰ অভিজ্ঞতা, অনুভৱ আৰু মৰ্মস্পৰ্শী মুহূর্তসমূহক কঢ়িয়াই আনিছে। প্ৰতিটো শব্দ, প্ৰতিটো সুৰ জীৱিত, অনুভৱ আৰু আন্তৰিকতাৰ সৈতে প্ৰাণৱন্ত। প্ৰকাশক হিচাপে, লেখিকাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থতে এনে উষ্ণতা আৰু সততা পোৱাটো আমাৰ বাবে এক বিশেষ আনন্দ। সুৰীয়া মন  কেৱল গীতৰ সংকলন নহয়—ই এটা যাত্ৰাৰ প্ৰতিফলন; হৃদয়ত বাস কৰিব পৰা ক্ষুদ্ৰ স্মৃতি, মানুহ আৰু সময়ৰ স্পৰ্শেৰে গঢ়ি উঠা অনুভৱৰ দলিল। আমাৰ বিশ্বাস, এই গ্ৰন্থখনিয়ে পাঠকৰ হৃদয় স্পৰ্শ কৰিব, কাৰণ গ্ৰন্থখনিত আছে সহজ আন্তৰিক বার্তা—যাৰ সৈতে আমি প্রত্যেকে নিজৰ অভিজ্ঞতাক মিলাব পাৰো। লেখিকাক আমি এই সফলতাৰ বাবে হৃদয় ভৰা অভিনন্দন জনাইছো। আশা কৰিছো এই গ্ৰন্থখনিয়ে তেওঁক আগলৈ লিখবলৈ, গাবলৈ আৰু নৱ নৱ সৃষ্টি কৰিবলৈ প্ৰেৰণা দিব। সুৰীয়া মনে  বহুজন শুভাকাংক্ষীৰ হৃদয়ত প্ৰকৃত স্থান লাভ কৰাৰ—আশা ৰাখিলো।”