সোণালী আঘোণ – মিতালি বৰঠাকুৰ

সোণালী আঘোণ 
মিতালি বৰঠাকুৰ ( আচাৰ্য )
    মালিগাওঁ , গুৱাহাটী 
আঘোণ
  দাৱনিৰ কাঁচিৰ তালে তালে বাজি উঠা
 নৰা পেঁপাৰ  আবেলিৰ সুৰীয়া সুৰত
 ৰূপালী পানীত তিৰবিৰাই থকা
গাভৰু জোনে  মিচিকিয়াই হাঁহে।
তোমাৰ কান্ধৰ ডাঙৰীৰ ভাঁজত
মোৰ  একাঁচি সপোনে জিলমিলাই উঠে।
পিতাইৰ কান্ধৰ  মেটমৰা ডাঙৰীৰ
লেছেৰিৰ জিৰিক্  জিৰিক্  সুৰত
আইৰ  হেঁপেহুৱা  সেউজবুলীয়া  আশাৰ
সপোনবোৰে  নকৈ কুঁহিপাত মেলে।
আইতাৰ উমাল জুহালত জীপাল গধূলিবোৰে
কাষ  চপাই আনে মৰমৰ এনাজৰী।
কাঁহিলি পুৱাতে আইৰ দুচকুত উজ্বলে
আঘোণৰ সোণালী ধান।
আইয়ে আঁচলত বান্ধি লয় এমুঠি সপোন
আটি আটি।
তোমাৰ  সোণালী আঘোণত  মইও
সাৱটি লও  নৰা পাতৰ  ছাতি।