সোণাপুৰৰ চিন্তন বৈঠকত বিধানসভা-বিটিচি নিৰ্বাচনৰ ৰণকৌশল

সোণাপুৰৰ চিন্তন বৈঠকত বিধানসভা-বিটিচি নিৰ্বাচনৰ ৰণকৌশল

ৰঙিলী বাৰ্ত্তাসেৱা-  সমাগত বিধানসভা নিৰ্বাচনৰ বাবে পূর্ণোদ্যমে প্রস্তুতি অব্যাহত ৰাখিছে ৰাজ্যিক বিজেপিয়ে। শাসকীয় মিত্রজোট নেতৃত্বাধীন দলটোৰ লক্ষ্য-পূর্বতকৈ অধিক আসনত জয়ী হৈ দিছপুৰ দখল কৰা। এই উদ্দেশ্যে ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে প্ৰাৰম্ভিক ৰণকৌশল চূড়ান্ত কৰিছে। শনিবাৰৰ পৰা সোণাপুৰৰ মেফেয়াৰ ৰিজ’ৰ্টত দুদিনীয়াকৈ অনুষ্ঠিত চিন্তন বৈঠকত বিধানসভা নিৰ্বাচনৰ সকলো দিশ পর্যালোচনা কৰা হয়। এক কথাত ক’বলৈ গ’লে এই চিন্তন বৈঠকতে বিধানসভাৰ সমান্তৰালভাৱে সন্মুখত থকা বিটিচি নির্বাচনৰো প্ৰাৰম্ভিক ৰণকৌশল ৰাজ্যিক বিজেপিয়ে চূড়ান্ত কৰে। দলৰ এক সূত্রই জানিবলৈ দিয়া মতে, ২০২১ চনৰ তুলনাত অহা ২০২৬ চনত অনুষ্ঠিতব্য বিধানসভা নির্বাচনত যাতে অধিক আসন হস্তগত কৰিব পাৰে, সেইটোৱেই হৈছে ৰাজ্যিক বিজেপিৰ প্ৰধান লক্ষ্য। এই উদ্দেশ্যে চিন্তন বৈঠকত ২০২৬ চনৰ ভোটযুদ্ধৰ বাবে দলটোৱে ‘মিছন-১০০’ স্থিৰ কৰিছে। অর্থাৎ ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ১০০টাকেই টার্গেট কৰি লৈছে শাসকীয় দলটোৱে। চিন্তন বৈঠকত এই ‘মিছন-১০০’ক লৈ পুংখানুপুংখভাৱে আলোচনা কৰা হয়। বিশেষকৈ ইয়াক কাৰ্যকৰী কৰিবৰ কাৰণে দলৰ মন্ত্ৰী-বিধায়ক-সাংসদ-নেতাই কিদৰে আগবাঢ়িব লাগিব, সেই বিষয়ে চিন্তন বৈঠকখনত পর্যালোচনা কৰাৰ কথা সদৰী কৰে সূত্ৰটোৱে। তদুপৰি চিন্তন বৈঠকত দলৰ দখলত থকা প্রতিটো সমষ্টিৰ মন্ত্ৰী-বিধায়কৰ কাম-কাজৰ ওপৰতো পর্যালোচনা কৰা হয়। যিসকল মন্ত্রী-বিধায়ক জনসম্পর্কহীন তথা চৰকাৰী জনকল্যাণমূলক আঁচনি ৰূপায়ণত ব্যর্থ হৈছে, সমাগত বিধানসভা নির্বাচনত তেওঁলোকে পুনৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ বিষয়টোৱেও গুৰুত্বসহকাৰে পৰ্যালোচনা বৈঠকত স্থান লাভ কৰে বুলি সূত্রটোত প্রকাশ। মন কৰিবলগীয়া যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সকলো দলীয় বিধায়কে পুনৰ টিকট নোপোৱাৰ ইতিমধ্যে স্পষ্ট ইংগিত দিছে। মুখ্যমন্ত্রী ড° শর্মাই এই প্রসংগত সংবাদ মাধ্যমৰ আগত কয় যে সকলো বিধায়কে টিকট পাব নোৱাৰে। নতুন মুখ অহাৰ ৰাস্তাও বন্ধ নহয়। সেইদৰে ইতিপূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৈছিল যে টিকটৰ ক্ষেত্ৰত বিজেপিয়ে মুখলৈ নাচায়, কামলৈহে চাব। ভাল কাম কৰা বিধায়ক বিপদমুক্ত। গণ্ডগোলীয়া বিধায়কৰ টিকট কর্তন হ’ব। উল্লেখ্য যে চিন্তন বৈঠকৰ পূৰ্বে যোৱা ১৮ জুলাইত দিছপুৰত মুখ্যমন্ত্রী ড° শৰ্মাৰ অধ্যক্ষতাত তথা মন্ত্রী-বিধায়কৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। উক্ত বৈঠকখনত মুখ্যমন্ত্রী ড° শর্মাই ২২জন বিধায়কৰ কামৰ খতিয়ান তথা ৰিপ’ৰ্ট কার্ড অতি দুৰ্বলৰূপে চিহ্নিত হোৱাৰ লগতে জনসম্পর্ক নথকাৰ বিষয়টো স্পষ্ট কৰি দিছিল। লগতে একাংশ বিধায়কৰ ব্যক্তিগত সহায়কে কৰা বেয়া কামৰ বাবে তেওঁলোকৰ তথা দলৰ বদনাম হোৱা বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্রী ড° শর্মাই। কাৰ্যতঃ ইয়াৰ পিছতে এই ২২ মন্ত্ৰী-বিধায়কৰ টিকট আগন্তুক বিধানসভা নির্বাচনত কর্তন হোৱাক লৈ ৰাজ্যৰ ৰাজনীতিত ব্যাপক চর্চা লাভ কৰে। ইফালে দেওবাৰে ২.৩০ বজাত সামৰণি পৰা চিন্তন বৈঠকখন সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র কিশোৰ উপাধ্যায়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ জানিবলৈ দিয়া মতে, সমাগত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দুদিনীয়া চিন্তন বৈঠকখনত অসমৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আদি দিশসমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। উপাধ্যায়ে কয় যে সমাগত বিধানসভা নির্বাচনত পূর্বতকৈ অধিক আসন তথা ভোট কেনেকৈ লাভ কৰিব পাৰোঁ, তাৰ ওপৰত পৰ্যালোচনা কৰা হৈছে। প্রতিটো জাতি-জনগোষ্ঠীক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিগত সময়ছোৱাত দলটোৱে যেনেদৰে কাম কৰি আছে তেনেদৰে যাতে আমি কাম কৰি যাব পাৰোঁ। অসমৰ খিলঞ্জীয়া আৰু ভাৰতীয় লোকৰ পৰিচয় ৰক্ষাৰ বাবে থকা কাৰ্যপন্থাৰ লগতে অসমৰ সভ্যতা-সংস্কৃতি অটুট ৰখাক লৈও আলোচনা কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যিক বিজেপিৰ সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি সমাগত বিধানসভা নিৰ্বাচনত দলৰ ‘মিছন-১০০’ সাকাৰ কৰাৰ হকে সাংগঠনিক স্থিতি অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিছে চিন্তন বৈঠকে। মূলতঃ চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহে বিধানসভা তথা বিটিচি নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ কাষ চাপিবলৈ মন্ত্রী-বিধায়ক-সাংসদ-দলীয় নেতাক নির্দেশ দিয়া হৈছে। মন কৰিবলগীয়া যে চিন্তন বৈঠকৰ পূৰ্বে বিটিচি নির্বাচন সন্দৰ্ভত প্ৰতিটো পৰিষদীয় সমষ্টিৰ তত্ত্বাৱধায়কসকলৰ সৈতে বিটিআৰৰ বিভিন্ন দিশ সন্দর্ভত ইতিমধ্যে পুংখানুপুংখভাবে আলোচনাত মিলিত হৈছে ৰাজ্যিক বিজেপিৰ নেতৃত্ব। ৩৫ লাখ বিটিআৰবাসীৰ সেৱাৰ্থে সংগঠন সুদৃঢ় কৰি অনাগত বিটিচি নির্বাচনত বিজেপিয়ে শক্তিশালীভাবে প্রতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে। ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা এই সন্দর্ভত আনুষ্ঠানিকভাৱে সদৰী কৰা অনুসৰি সমাগত বিটিচি নিৰ্বাচনৰ বাবে বিটিআৰৰ অন্তৰ্গত প্ৰতিখন জিলাৰ প্ৰতিটো মণ্ডলৰ সভাপতিৰ লগতে তত্ত্বাৱধায়ক মৰ্চাসমূহৰ সভাপতি, কার্যবাহী সদস্য, পৰিষদীয় সদস্য আৰু কাৰ্যকৰ্তাসকলক লগত লৈ দলে পৰিকল্পনা কৰিছে। বিটিচি নির্বাচনত কাকো শত্রুজ্ঞান নকৰাকৈ ৩৫ লাখ বিটিআৰবাসীৰ কল্যাণৰ হকে ২৬টা জনগোষ্ঠীৰ সমঅধিকাৰ আৰু সমন্যায়ৰ বাবে অৱতীৰ্ণ হোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্রী ড° শৰ্মাই। ৰাজ্যিক বিজেপিৰ সভাপতি শইকীয়াই স্থায়ী শান্তি প্রতিষ্ঠাৰ লক্ষ্যৰে ‘মিছন বিটিআৰ’ৰ বাবে নিজৰ নিজৰ বুথসমূহ শক্তিশালী কৰি সাংগঠনিক ভেটি মজবুত কৰিবলৈ সকলো কার্যকর্তাকে আহ্বান জনায়। স্মর্তব্য যে দুদিনীয়া চিন্তন বৈঠকখনত মুখ্যমন্ত্রী ড° শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাষ্ট্ৰীয় মুখপাত্র তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমন্বয়ক ডাঃ সম্বিত পাত্র, জ্যেষ্ঠ নেতা ভি মুৰুলীধৰণ, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু প্ৰমুখ্যে দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল উপস্থিত আছিল।