সোণাপুৰৰ খৰিকটিয়াত এছ টি এফে জব্দ কৰে জালনোট

সোণাপুৰৰ খৰিকটিয়াত এছ টি এফে জব্দ কৰে জালনোট
চুইফট ডিজায়াৰ জব্দ

ৰঙিলী বাৰ্ত্তাসেৱা- বিগত ২১ নৱেম্বৰত সোণাপুৰৰ খৰিকটিয়াত STF য়ে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ জালনোট,আটক কৰিছিল এজন সৰবৰাহকাৰী।সেই সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত পুনৰ ডিমৰীয়াৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত টেঘেৰীয়াত STF ৰ পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত বৃহৎ অভিযান।আটক তিনি জালনোট সৰবৰাহৰ সৈতে জড়িত কুখ্যাত সৰবৰাহকাৰী।ধৃত সৰবৰাহকাৰী কেইটা লখিমপুৰৰ বিহপুৰীয়াৰ মফিদুল ইছলাম,নুৰজামাল ইছলাম ওৰফে মহেশ্বৰী আৰু সোনাপুৰৰ হাটখোলাল আব্দুল কালাম ওৰফে বাবু।আনহাতে,ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা STF ৰ দলটোৱে জালনোট সৰবৰাহত ব্যৱহ্নত AS01EP 5476 নম্বৰৰ এখন চুইফট ডিজায়াৰ বাহন আৰু ৫ টা ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।ঘটনা সন্দৰ্ভত STF ৰ তদন্ত অব্যাহত।