সোণাইঘুলিৰ “চন্দ্ৰাৱতী হাজৰিকা জাতীয় বিদ্যালয়”ত স্বাধীনতা দিৱস উৎযাপন

সোণাইঘুলিৰ “চন্দ্ৰাৱতী হাজৰিকা জাতীয় বিদ্যালয়”ত স্বাধীনতা দিৱস উৎযাপন

সোণাইঘুলি, ৰঙিলী বাৰ্ত্তাসেৱা- এইবাৰ সমগ্ৰ ভাৰতৰ লগতে অসমতো স্বাধীনতা দিৱস বৰ উলহ মালহেৰে উৎযাপিত হৈছে। অসমৰ এখনি ঐতিহাসিক প্ৰসিদ্ধ চহৰ গুৱাহাটীৰ পশ্চিম লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি সোণাইঘুলিত অৱস্থিত “চন্দ্ৰাৱতী হাজৰিকা জাতীয় বিদ্যালয়”ত ভাৰতৰ ৭৭ তম স্বাধীনতা দিৱসটি উৎযাপন কৰা হয়। পুৱা ৯ বজাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-অভিভাৱকসকলৰ উপস্থিতিত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপালী হাজৰিকা বৰুৱাই পতাকা উত্তোলন কৰে। দেশমাতৃৰ কাৰণে প্ৰাণ আহুতি দিয়া সকলৰ অৱদানক স্মৰণ কৰি সেই সকল ছহিদৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়। তাৰ পাছত এখনি সভা অনুষ্ঠিত কৰা হয়। সভাস্থলীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দিছপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° জয়জ্যোতি গোস্বামী। প্ৰধান শিক্ষয়িত্ৰী ৰূপালী হাজৰিকা বৰুৱাই সভাপতিত্ব কৰা সভাখনত এটি গীতেৰে সাভাখনৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। মুখ্য অতিথি শ্ৰীযুতা গোস্বামীয়ে ভাৰতৰ স্বাধীনতা প্ৰসংগত এটি সাৰুৱা বক্তৃতা প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক দেশৰ প্ৰতি শ্ৰদ্ধা ভক্তি কৰিবলৈ আহ্বান জনায়। সভাখনত উপস্থিত থকা এগৰাকী অভিভাৱক কাজি শ্বাহাদত ইছলামৰ এটি কবিতা আবৃত্তিয়ে পৰিৱেশটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। লেখক,কবি,উদ্যোগী,ব্যৱসায়ী কাজি শ্বাহাদত ইছলামে প্ৰয়াত কবি লক্ষ্যধৰ চৌধুৰীৰ “মোৰ লক্ষ্য” কবিতাটি আবৃত্তি কৰি প্ৰসংগটোক অধিক প্ৰাসংগিক কৰি তোলে। অনুষ্ঠানটোত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কবিতা আবৃত্তি কৰি নিজৰ নিজৰ প্ৰতিভাৰ পৰিচয় দিয়ে। তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। নিমন্ত্ৰিত অতিথি শোভা হাজৰিকা, বিদ্যালয়ৰ শিক্ষক দুলুমণি কাকতি আৰু অঞ্জু লাহনৰ ভাষণে ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰে। সভাপতিৰ ভাষণৰ অন্তত জাতীয় সংগীতেৰে সভাৰ কাৰ্যসূচী সমাপ্ত কৰা হয়। সভাৰ শেষত উপস্থিত ৰাইজক জলযোগ ব্যৱস্থাৰে আপ্যায়ন কৰাৰ বাবে ৱাৰ্ড কমিছনাৰ বিজু মেধি ডাঙৰীয়াক অশেষ ধন্যবাদ জনোৱা হয়।