সোঁৱৰণী
মীৰা কোঁৱৰ
বতাহে উৰুৱাই আনিছে
সোঁৱৰণি নামৰ সৰাপাত
একাঁঠু কৰি থৈছে আগচোতাল
কিবা এটা হৈছে মোৰ
সৰাপাতবোৰ মাজত সোমাই
খেপিয়াই খেপিয়াই চাইছো
তাৰে কোনোবাখিলাত আছে নেকি
কেতেকীপহীয়া ৰ’দ বোৰ
মোৰ বুকুত মেঘৰ বৰণ শোক
কান্দিবলৈ মন গৈছে এবাৰ হুকহুককৈ
ক’ত পাম এতিয়া
তোমাৰ ওঁঠৰ সেলেঙীলগা
মৰমবোৰ।
