সোঁৱৰণি-মৌচুমী

pc wallpapers.com

সোঁৱৰণি

মৌচুমী

কোনোবা অজান মূলুকত,
কাহানিও লগ নোপোৱাৰ বাটত,
এৰা সুঁতিৰ দৰে
এৰি আহিলো তোমাক….!
বুকুত এসাগৰ যেন
মেটমৰা দুখৰ স্মৃতি লৈ ।
কপালত ৰঙা বেলি অঁকাৰ আগতেই
লগ পাইছিলো তোমাক।
বেলি লহিওৱাৰ পৰৰ,
সেই মিঠা আবেলিৰ কথা….
আজিও মনত পৰে….।
কস্তুৰী কস্তুৰী যেন মিঠা সুবাস হৈ
আজীৱন ৰৈ গ’লা
মোৰ মনৰ মাজত।
ময়ো জানো…
ময়ো চাগে এতিয়াও
তোমাৰ মনৰ ভাঁজত!
কেতিয়াবা….
কোনোবা নিবিড় নিজান পৰত
তাহানিৰ কথাবোৰে
বৰকৈ আমনি কৰে।
নিষ্ঠুৰ সময়ৰ আহ্বানত
বিচ্ছিন্ন হ’লেও….
অতীতৰ জটিল সত্যৰ পবিত্ৰতাক
পাহৰিব নোৱাৰো মই….।
সেয়ে চাগে গুণগুণাও….
“নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত
বিচাৰো মৰমৰ মাত এষাৰ।”