সোঁতোৰা দেহা – পপী বৰা 

Pc Photo.net

সোঁতোৰা দেহা

পপী বৰা 
      মেলেং গ্ৰাণ্ট, যোৰহাট
কাকজান মহাবিদ্যালয় দ্বিতীয় ষান্মাষিকৰ
 অসমীয়া বিভাগৰ ছাত্ৰী,
মই এটি সোঁতোৰা দেহা,
বুকুত একুৰা জুই ,
মনত এক প্ৰশান্তি লৈ ঘূৰি ফুৰিছোঁ নিশাৰ ভাগৰুৱা পথটিত ,
মই এটি সোঁতোৰা দেহা
ধূলিয়ে মোৰ দেহ আলিংগন কৰে নিশাৰ নীৰৱতাত;
সময়ৰ পৰিবৰ্তনত ইংগিত দিয়ে সেই নিঃসংগতাৰ ভয়ে ,
ভাবুকি আহে মোৰ ভাগৰুৱা দেহাটি লৈ ,
মাজৰাতি আন্ধাৰে বাট ঢাকে
পোহৰ বোৰো লাহে লাহে কমি আহে,
ভাগৰুৱা দুচকুত ভাঁহি আহে আবেগৰ চকুলো,
হাজাৰ হাজাৰ লোক পাৰ হৈ অহা যোৱা কৰে
মোৰ সেই নিঃসংগতাৰ বুকুত.
কোনো যদি দামী গাড়ী লৈ আহে,
কোনোয়ে আকৌ চিগাৰেটৰ ধোঁৱাবোৰ
উলিয়াই মাতাল হৈ পৰে নিজৰ মাজত
আন্ধাৰৰ বুকুত নিজক সামৰি হাজাৰ পথচাৰী,
পাৰ হয় মোৰ কাষেৰে..
মই এটি সোঁতোৰা দেহা
চকুত চকুলো সৰে আন্ধাৰৰ বুকুত,
ওঁঠত সেমেকি উঠে সেমেকা হাঁহি
উৰে ৰাতি পাৰ কৰো ভাগৰুৱা পথত!!
মই এটি সাঁতোৰা দেহা।