সৈনিক শিল্পী – অলকা বুজৰ বৰুৱা

সৈনিক শিল্পী

অলকা বুজৰ বৰুৱা
টিহু , নলবাৰী

বিষ্ণু ৰাভা,
এটি মাথোঁ ব্যক্তিৰ নামেই নহয়,
ই যে নাম এটা জাতিৰ
ই যে নাম এখন হৃদয়ৰ
যাৰ শিৰে শিৰে বৈ আছে
দেশপ্ৰেমৰ প্ৰৱল সোঁত।

তুমি চিনিব পাৰিছিলা
মুখা পিন্ধা মানুহৰ আঁৰৰ মুখখন,
তুমি অনুভৱ কৰিব জানিছিলা
বগা চাদৰৰ আঁৰত লুকাই থকা
এলান্ধুকলীয়া কলুষতাৰ চৰ্ত।
সেয়েতো তুমি ক’বলৈ সাহস কৰিছিলা
“য়ে আজাদী জুঠা হ্যে”।

সঁচাকৈ, স্বাধীনতাৰ চৰ্ত আজি অৰ্থহীন।
এই স্বাধীনতা যে পৰাধীনতাৰেই নামান্তৰ।
আকৌ প্ৰয়োজন এটা বিদ্ৰোহৰ
গাবলৈ দলিতৰ গান,আনিবলৈ বিপ্লৱৰ বান,
হে সৈনিক শিল্পী,তুমি উভতি আহা
আকৌ তুলি লোৱা বিপ্লৱৰ হেংদান
সঁচা অৰ্থত গাবলৈ স্বাধীনতাৰ জয়গান।