সৈনিক
বাহাৰুল ইছলাম
বালিজান, মৰিগাঁও
হৃদয় নাই বাবে তেওঁলোক ইমান যুদ্ধা
মৰম নাই বাবে তেওঁলোক ইমান নিষ্ঠুৰ
সপোন নাই বাবে তেওঁলোক আলয়হীন
আশা নাই বাবে তেওঁলোক ইমান বদ্ধপৰিকৰ।
সাহসৰ পোছাক পিন্ধিছে হৃদয়ৰ মণিকোঠাত
হাবুডুবু কৰে কৰ্তব্যৰ সাগৰত
দায়িত্বৰ বৃষ্টিত তিতে সৰ্বদা
গভীৰ অৰণ্যকো ভেদি
সংগী কৰে নিতৌ
কাইটীয়া বননি কিম্বা সুউচ্চ পৰ্বতক ।
বুকু ভৰা জাতিসত্তাই না খাব দিয়ে
না শুব দিয়ে
দেহাত নিদ্রাহীনতাৰ বেমাৰ
নয়নত অগনি লেলিহান
বিস্মৃতিৰ কবলত আপোনজনৰ স্মৃতি।
তেওঁলোক সাৰে থাকে
আৰু আমি নিদ্রাত
তেওঁলোক অশান্ত
আৰু আমি শান্ত
বাৰম্বাৰ তেওঁলোক
লুতুৰি-পুতুৰি হয় কেঁচা তেজেৰে।
মাতৃভূমিৰ যোগ্য সন্তান তেওঁলোক
মৃত্যুক দেখি দেখি
বিজয়ৰ ধ্বজা উৰুৱায়,
যাৰ পৰশত গঢ়ি উঠে
আটোম-টোকাৰী সমাজ
ছিন্ন-ভিন্ন হয় শতৰুৰ দম্ভালি
শান্ত হৈ বৈ যায় অশান্ত বতাহ।