সৈনিক – পংকজ সভাপণ্ডিত

PC - Vecteezy

সৈনিক

পংকজ সভাপণ্ডিত, উত্তৰ লখিমপুৰ

সৈনিক- শব্দত আছে এক শিহৰন,
আমাৰ জননীৰ অতন্দ্ৰ প্রহৰী,
হিমালয়ৰ দৰে স্থিৰ, জাৰ -জহ,ৰ’দ বৰষুণ,
হেলাৰঙে সহি,দেশৰ সুৰক্ষা দিয়া জন সৈনিক,
মাতৃয়ে বুকুত শিল থৈ পুত্ৰক হাঁহি, হাঁহি
দেশৰ কাৰণে আগবঢ়াই দিয়াজনেই সৈনিক,
কপালৰ ৰঙা ফোঁট কাৰ কেতিয়া হেৰায়
তাৰো কোনো সময় নাথাকে, সময়বোৰ মাজে
মাজে অসময় হয়……
সৈনিকৰ সত্তাত গঢ় লয় দেশ প্রথম, দেশৰ সুৰক্ষা প্ৰথম,
যুদ্ধ ভূমিত বীৰৰ দৰে প্রান আহুতি
দিয়া মূহুৰ্তত লিখা হয় সৈনিকৰ স্বৰ্ণীল ইতিহাস,
এই বলিদান সকলোৰে ওপৰত…
ইয়াৰ ভৰ আমি জুখিব নোৱাৰো,
মাতৃৰ উদং বুকুৱে মাত্ৰ অনুভৱ কৰে এই দুখৰ গভীৰতা কিমান…