সেৱা পষেক উপলক্ষে ৰাজ্যজুৰি যুৱ মৰ্চাৰ ৰক্তদান শিৱিৰ

সেৱা পষেক উপলক্ষে ৰাজ্যজুৰি যুৱ মৰ্চাৰ ৰক্তদান শিৱিৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশে ৰাজ্যখনৰ ৩৯খন সাংগঠনিক জিলাতে ৰক্তদান শিবিৰ আৰু স্বচ্ছতা অভিযান কাৰ্য্যসূচী ৰূপায়ণ কৰিব ।যুৱ মৰ্চাৰ সভাপতি সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱাই কালি হেঙেৰাবাৰীস্থিত গুৱাহাটী মহানগৰৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি সদৰী কৰে যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে যোৱা ১৭ চেপ্তেম্বৰৰ পৰা ২ অক্টোবৰ গান্ধী জয়ন্তীলৈকে সেৱা পষেক কাৰ্য্যসূচীৰে সংগতি ৰাখি যুৱ মৰ্চাই কেতবোৰ সেৱা মূলক কাৰ্য্যসূচী ৰূপায়ণ কৰিব। ইয়াৰ ভিতৰত ৰাজ্যৰ ৩৯ খন সাংগঠনিক জিলাতে চাৰি হেজাৰ ইউনিটতকৈও অধিক ৰক্ত সংগ্ৰহৰ লক্ষ্যৰে ৰক্তদান শিবিৰৰ আয়োজন কৰিব। এই পষেকটোতে যুৱ মৰ্চাই ৰাজ্যৰ ঐতিহাসিক, গৌৰৱময়ী স্থান সমূহত স্বচ্ছতামূলক কাৰ্য্যসূচীও ৰূপায়ণ কৰিব। হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনত গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাই আয়োজন কৰা ৰক্তদান শিবিৰত মহানগৰ জিলা যুৱ মৰ্চাৰ সভাপতি নিহাৰেন্দ্ৰ শৰ্মাসহ অৰ্ধশতাধিক যুৱক-যুৱতীয়ে ৰক্তদান কৰে। অনুষ্ঠানৰ শুভাৰম্ভনী অনুষ্ঠানত ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱা, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা, ৰাজ্যিক যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক তাপস কলিতা, মেডিয়া আহ্বায়ক বিশ্বজিৎ খাউণ্ড, গুৱাহাটী মহানগৰ জিলা বিজেপিৰ সভাপতি তপন দাস উপস্থিত থাকে।