সেমেকা শাৰদীয় দুৰ্গাপূজা
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
দুৰ্গাপূজা বুলি ক’লে সকলোৰে মনবোৰ আনন্দ উল্লাসেৰে ভৰি পৰে।কোন ঠাইৰ পূজা মণ্ডপ আটাইতকৈ ধুনীয়াকৈ নিৰ্মাণ কৰিছে,সেই ঠাইৰ পূজা মণ্ডপলৈ যাবলৈ সকলো আগ্ৰহী হৈ পৰে।এইবাৰ সকলোৰে মনবোৰ যিহেতু সেমেকা দুৰ্গাপূজাস্থলীৰ পৰিৱেশো সেমেকা।জুবিন দাৰ মৃত্যুৰ খবৰটো এতিয়াও অসমবাসীয়ে সাধাৰণভাৱে মানি ল’ব পৰা নাই।সেই মৃত্যু যে স্বাভাৱিক নহয়,সেয়েহে ন্যায়ৰ পাছত দৌৰিছে।মা দুৰ্গাৰ আশীৰ্বাদত জুবিন দাৰ লগত ষড়যন্ত্ৰ কৰা আটাইকেইজন দোষীৰ শাস্তি পোৱাটোৱেই কামনা কৰিছে।প্ৰত্যেক বছৰৰ দৰে এইবাৰো দুৰ্গাপূজা হৈছে।মাথোঁ আনন্দ স্ফূৰ্তিবোৰহে নোহোৱা হৈ পৰিছে।প্ৰতিখন পূজা মণ্ডপতে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে।জুবিন দাৰ কৰ্মৰাজীৰ দ্বাৰাই মানৱ সমাজত অমৰ হৈ ৰ’ব।আন বছৰৰ দৰে পূজাস্থলীত জাকজমকতা নাই।পূজা মণ্ডপৰ চাৰিওফালে দোকানেই দোকান।যি বিচাৰে খেলা বস্তুৰ পৰা মিঠাইলৈ সকলো উপলব্ধ।এইবাৰ তেনে পৰিৱেশ খুবেই নগণ্য।পূজাত এইবাৰ গান-বাজনাৰ শব্দ শুনিবলৈয়ো নাই।নিজান পৰিৱেশ।মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ অহা ভক্ত সকলৰ এটাই প্ৰাৰ্থনা জুবিন দাই অনতি পলমে ন্যায় পাওক।প্ৰকৃতিয়ো নীৰৱ হৈ পৰিছে।শৰতে সেমেকা মনেৰেই দেৱী দুৰ্গাক আদৰিছে।মানৱৰ দৰেই কহুঁৱা,শেৱালি আদিয়ে মহান ব্যক্তিক হেৰুওৱাৰ বেদনাত মৰ্মাহত হৈছে।