সেমেকা পোহৰৰ উৎসৱ – আয়শা ছিদ্দিকা

Pc Flipkart

সেমেকা পোহৰৰ উৎসৱ 

 আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা

চাকি জ্বলিব এক আকুল
আৰাধনাৰ ভেটি হৈ
পোহৰৰাই তুলিব
ৰশ্মিৰ কণাবোৰে
সমগ্ৰ ঠাইৰ সমগ্র চুক

তথাপি জয়াল!
তথাপি অন্ধকাৰ!
তথাপি হাহাকাৰ!

নাই উৎসৱত নাই কোনো
আনন্দ, উল্লাস, হেঁপাহ
এবুকু মৰ্ম বিষাদ
পান কৰি কৰি

আকাশবন্তিও জ্বলিছে
উমি উমি সুস্থিৰে
উকা উকা ডাৱৰীয়া মনৰ
সেমেকা বতৰত

এক নিৰ্জনতা!
এক নিস্তব্ধতা!
এক বিষাক্ত নীৰৱতা!

পোহৰৰ উৎসৱ হ’ব
আতচবাজি নোহোৱাকৈ
এক আৱেগৰ স্ৰোত বৈ
আপোনজন হেৰুওৱাৰ যন্ত্ৰণা লৈ
শূণ্য হৃদয়ত এক গভীৰ
দীৰ্ঘ হুমুনিয়াহ এটা কাঢ়ি।

 নাই আনন্দ নাই!
নাই মাদকতাও নাই!
প্ৰদীপৰ পোহৰেও যেন
আলোকিত কৰিব পৰা নাই
শত শত হৃদয়ৰ অন্ধকাৰ…।