সেন্দুৰ
বলিন বৰদলৈ
আলামি, গোলাঘাট
তোমাৰ শিৰত কোনে বন্ধালে
সেন্দুৰীয়া আলি
কোনে আঁকি দিলে কপালত
ডগমগীয়া সূৰ্য্য,
ৱাহ ! বৰ ধুনীয়া জনী হৈ পৰিছা চোন
তাৰ কিৰণেৰে উজ্বলিছা তুমি
আলোকিত ঘৰখন আপোনজনৰ –
সিদিনা হঠাৎ দেখিলোঁ তোমাক ৰঙাগড়াঘাটত
মোচৰ খাইছিল বুকুখন মোৰ শোকত
শিল হৈ পৰিছিল চকুলো ।
সেই সেন্দুৰীয়া আলি মূৰত
মই বাট চাই আছিলো
পিন্ধাবলৈ তোমাক সূৰ্য্য
কিন্তু কি কৰিবা ?
তুমি যে মোৰ কপালত নাই ।
সঁচাই সময়ে হেতালি খেলিলে
নেকি বাৰু মোৰ লগত ?