সেন্দুৰ
নাজবিন চুলতানা, শিৱসাগৰ
জীৱনটো দুদিনীয়া ,ইয়াক বেৰঙীন নাম দি জটিল কৰি নেপেলাবি।মানুহৰ বাহ্যিক ৰূপত চকু দি প্ৰলেপৰ দলিচাত গঢ় লোৱা সম্পৰ্ক বেছিদিন টিকি নাথাকে।যুগটো সলনি হৈছে,আজিকালি দিনত ভালবোৰ লগ পোৱাটো বৰ সহজ নহয়।নিয়ন্ত্ৰণ হেৰালে চতুৰালিৰ জালত বন্দি হয় বহুতৰে আৱেগ ,অনুভূতি, প্ৰেম।মাকৰ এনেবোৰ বুজনিত নিৰ্মলা অস্বস্থি পায় আৰু তাই কয়” মা’ থোৱাচোন এইবোৰ কথা ,তুমিও যে .. এইটো যুগতে আমিও আছো,আমিও এই সলনি মানি লব লাগিব।চলিব পাৰিব লাগিব। তুমি মিছাতে চিন্তা কৰি থাকা এইবোৰ কথাকলৈ।” এনেদৰে কৈ তাই মাকৰ কথাৰ পৰা ফালৰি কাটে সদায়।কিছুমান সম্বন্ধ আজিকালি প্ৰায়ে দেখা যায় মোবাইলৰ ফেচবুক ইষ্টাগ্ৰামৰ যোগেদি গঢ়ি উঠে।প্ৰফাইল ফটো চাই মেছেজৰ কথা-বতৰাৰে আৰম্ভ হৈ। কিন্তু এই ক্ষেত্ৰত সফল খুব কম হৈছে ।বেছিভাগেই ভুৱা নতুবা কমদিনতে সম্পৰ্ক গঢ়িও সম্পৰ্ক শেষ হয়।বেছিভাগতে ভুল বুজা বুজিত অন্ত পৰে সম্বন্ধবোৰ।কেৰুণ লাগে তাতে।এটা সম্পৰ্ক গঢ়াত মনবোৰ যিমান ফুলি উঠে সেই সম্পৰ্ক শেষ হৈ গ’লে সেই মনবোৰ একেই উদ্বিপনাত মৰহিও যায়।সম্পৰ্কত জীৱন গঢ় ও লয় জীৱন শেষ ও হয় বিশেষকে প্ৰভাৱ পেলোৱা মনবোৰ গোপনে পৰিৱৰ্তনৰ ৰূপ লয়।নিৰ্মলাই ফেচবুকৰ জৰিয়তে লগ পোৱা দুদিনৰ চিনাকীত প্ৰেমৰ নাম ঠিকেই পায় কিন্তু কমদিনৰলৈহে মাত্ৰ।কেতিয়াবা ২সপ্তাহ কেতিয়াবা ১মাহেই যথেষ্ট।প্ৰতিশ্ৰুতি দি ও কাণসাৰ নোহোৱা হয় সম্পৰ্কৰ।কিয় হয় তাৰ উত্তৰ নিৰ্মলাই কেতিয়াও নাপায়।তাইৰ এটাতে অশান্তি হয় ,মনটো এটাতে চটফটাই থাকে যে কি ভুল হ’ল,কিয় কৰিলে তেনেকুৱা ,একো নোকোৱাকৈ কেনেকৈ আঁতৰি যাব পাৰে।কোৱাহেঁতেন এবাৰলৈও যে মই আন কাৰোবাক বাচি লৈছো তেতিয়া হয়তো ইমান কষ্ট নহয়।প্ৰেমৰ নামত আজিকালি বেছিভাগ আধুনিকতাৰ চতুৰালি য’ত নেকি প্ৰায় পচন্দ বিকল্পৰ সন্ধানমুখী।নাই আনৰ দুখ যন্ত্ৰনাৰ উমান, নাই শংকা মনত দুখ দিয়াৰ।ইয়াৰ প্ৰভাৱে ভোক্তভোগীক শিল কৰি তোলে।হয়তো বিশ্বাস হেৰাই অবিশ্বাসৰ চচ্মাৰে জীৱন চলাই নিয়ে হয়তো তেওঁৱো সন্ধানমুখী হৈ বাৰে বাৰে পিছলি পৰে আৰু কিছুমান চিন্তাৰ গহ্বৰত খোপনি পুতি মৌন হৈ পৰে।নিৰ্মলাৰ মনতো এনে যন্ত্ৰণাৰ জাহত প্ৰেমৰ প্ৰতি বিশ্বাস আৰু আগ্ৰহ হেৰুৱাই পেলাইছে।মাক-দেউতাকে অজস্ৰ আশাৰে দূৰৰ শিক্ষাৰে শিক্ষিত হৈ ঘৰখনৰ সন্মানৰ লগতে কৰ্মমুখী জীৱনলৈ সপোন দেখিছিল।তাইৰো লক্ষ্য একেই আছিল।পঢ়াতো ভাল আছিল ।কিন্তু সফলতাৰ কেঁকুৰিতে কেনা লাগিল ।তাইৰ ভালপোৱাৰ জগতখনত বিশ্বাসঘাতকতাই সকলো ওলত-পালত কৰি দিলে।দিনে-নিশাই চিন্তাই ঠাই ল’লে ।প্ৰতাৰণাৰ যন্ত্ৰণাৰ উচুপনিত মৌন হ’ব ধৰিছে তাই।ভাগৰি পৰিছে সঁচা প্ৰেমৰ সন্ধান কৰি।বিশ্বাসঘাতকক পাহৰিবলৈ আন এজনৰ আশ্ৰয় লৈ বিৱৰি কয় ।ঠিকে থাকে কেইদিনমান ,সেইজনৰ সহায়ত কষ্টবোৰ পাতলাই কিন্তু সেইজনেই পাছলৈ সুযোগ লৈ একে দুখ দুগুণে জাপি দিয়ে।এয়াই সত্য আজিৰ দিনত।এইখিনিৰ পৰা মুক্তি পাবলৈ তাই দিনে নিশাই প্ৰাৰ্থনা কৰে অথচ নিসংগ অনুভৱে বাৰুকৈয়ে থেকেচে।নিৰ্মলাৰ বিয়াৰ বাবে বহুকেইটা প্ৰস্তাৱে আহি থাকে ।মাক-দেউতাকে কৰ্মমুখী হওক বুলি মানি নলয়।এইবাৰ নিৰ্মলা ঘৰলৈ আহোঁতে প্ৰস্তাৱ অহাত একেবাৰতে তাই মানি ল’লে।ভবামতে ৰিজাল্টৰ ফলাফলো নোপোৱাত দেউতাকেও তাই মত দিয়া দেখি মান্তি হ’ল ।বিয়াৰ উপযুক্তও তাই।ঠিক হ’ল নিৰ্মলাৰ বিয়া।শিৰত ল’লে বিনয়ৰ নামত সেন্দুৰ।নতুন ঘৰখনৰ নতুন পৰিয়ালৰ দায়িত্ব চকুৰ সন্মুখত।অথচ দেখা পোৱা নাই একো ,মাত্ৰ কৰিব লগা কাম হিচাপে কৰি গৈ আছে।বুজি নাপায় তাই বিনয়ক ।তাই নাজানে বিনয় কোন।সি কেনেকুৱা স্বভাৱৰ।নিৰ্মলাতকৈ বিনয় বহুগুণে ডাঙৰ।বয়সৰ চাপো অলপ পৰিছিল বিনয়ৰ।বৰ্তি আছিল প্ৰায় ৪/৫ মাহ।খুব মৰমিয়াল বিনয়।নিৰ্মলাক জানিবলৈ সি চেষ্টা কৰে।কিন্তু তাই কেতিয়াবা বেছিয়ে অন্যমনস্ক হৈ থাকে।সিহঁতৰ মাজত কথা-বতৰাও কম।বিনয়ে ভাবি লয় লাহে লাহে সহজ হ’ব অচিনাকী ঘৰখনত।তাইক ওচৰ চুবুৰীয়াৰ মানুহবোৰে এটা প্ৰশ্ন বেছিকৈ কৰে-“তুমি সেন্দুৰ কিয় লোৱা নাই,আজিকালি বোৱাৰীবোৰে ইমান সৰুকে সেন্দুৰ লয় ধৰিবই নোৱাৰি” তেতিয়া লগালগ বিনয়ে নিৰ্মলা অসহজ হ’ব বুলি সিয়ে উত্তৰ দি দিয়ে অজুহাতেৰে।বিনয়ৰ কামৰ ব্যস্ততাৰ মাজতে ভাল ব্যৱহাৰেৰে সংসাৰ ঠিকে চলাই আছে।কিন্তু পত্নী নিৰ্মলা ইমান মৌন কিয় সেই কথা মন কৰা নাই বিনয়ে।কিয় অকলশৰে থাকিব খোজে সেই কথা ভাবিবৰ সময়ৰ অভাৱ তাৰ।মাত্ৰ সি ভাবে নিৰ্মলাক সময় দিয়াতো উচিত।বিনয়ৰ কৰ্মসূত্ৰৰ বাবে নিৰ্মলা আৰু বিনয় ৰোম লৈ থাকে পৰিয়ালৰ পৰা দূৰত।বন্ধতহে ঘৰলৈ যায়।নিৰ্মলাৰ অভ্যাসত পৰিণত যে তাইৰ বেছিভাগ সময় মোবাইলতে কটায়।তাই ওলাই আহিব পৰা নাই সেই দুখ যন্ত্ৰণাবোৰৰ পৰা।চকুপানীৰে নোপোৱাবোৰকলৈ ডুব গৈছে যন্ত্ৰণাৰ সাগৰত।অভ্যাস হৈছে তাইৰ জীৱনত প্ৰেমৰ নামত খেল খেলা খেলুৱৈৰ প্ৰফাইল ,ষ্টেটাছ লক্ষ্য কৰা,সংগীৰ সৈতে সুখী থকা দৃশ্যৰে নিৰ্মলাৰ যেন কটা ঘাঁহত নিমখ পৰে।ৰোমটোতে আৱদ্ধ যেন বেছিভাগ সময় তাইৰ।মন নকৰে ক’তো যাবলৈ।বিনয়ৰো আজৰি নাই কামৰ যি অলপ সময় তাইক দিব চেষ্টা কৰে নিৰ্মলাৰ অন্যমনস্কতাত সিও তাৰ ব্যস্ততালৈ গুচি যায়।বহুবাৰ শুধিছিল তাইক বিনয়ে কিয় এনেকৈ বৰ্তমানক আওকাণ কৰে,কি ভাবত মগ্ন তাই।কিন্তু কোনো উত্তৰ সিও নাপায়।সিও ভাবিব ধৰিলে ভিতৰি হয়তো তাইৰ বয়সৰ সৈতে সি নিমিলে,তাই চাগে আনৰ আগত তাক লৈ লাজ অনুভৱ কৰে সেয়ে ক’তো তাৰ লগত নাযায়। এনেকৈ লাহে লাহে সম্বন্ধটোত দুগুণে দূৰত্ব বাঢ়িব ধৰিলে।সেন্দুৰৰ ঠিকনা তাইৰ চকুত পৰা নাই।বেছিভাগ পাহৰে।ঘৰলৈ গ’লে শাহুৱেকে মনত পেলাই দিলে অকণমান লয় নহ’লে ওচৰ চুবুৰীয়াৰ বহুতো প্ৰশ্নৰ মুখামুখি হ’ব লগা হয়।এইবোৰো যেন অসহ্যকৰ।১/২দিনহে থাকে পৰিয়ালৰ মাজত।নিৰ্মলাৰ গুৰুত্বহীনতাৰ বাবে বিনয়ৰ মনটো ভাল নথকা হ’ল।খঙীয়াল হ’ব ধৰিলে লাহে লাহে।মাত-বোল প্ৰায় বন্ধ দুয়ো পতি-পত্নীৰ।এদিন অফিচৰ পৰা আহি থাকোঁতে বিনয়ৰ অসাৱধানতাত দুৰ্ঘটনাত চিটিকি পৰিল বিনয়।খবৰ লোৱা নাছিল নিৰ্মলাই ফোন এটা কৰিও।ব্যস্ত আছিল যাতনাৰ মোবাইলৰ জগতত।মাত্ৰ পুৱা তাইৰ মোবাইলত অহা ফোনক’লটোত যেন তাইৰ সম্ভেদ ঘূৰি আহিল আৰু গম পালে যে বহুত দেৰি হৈ গ’ল।বিনয়ৰ দুৰ্ঘটনাৰ খবৰত তাইৰ ভয় আহিল মনলৈ বিনয়ক হেৰুৱাৰ।মনত এটাই প্ৰতিজ্ঞা আহিল তাইৰ সকলো পাহৰি বিনয়ৰ সৈতে নতুনকৈ আৰম্ভ কৰা।সলনি হ’ব সকলো।সলনি হৈ আহিল, তাই মেডিকেলৰ পৰা অশ্ৰুৰ নৈ বোৱাই কোলাত বিনয়ৰ মৃতদেহ লৈ ।পুৱা তাই ড্ৰেচিঙৰ সন্মুখত সেন্দুৰৰ টেমাটো হাতত তুলি ভাবে যে স্বামীবিহীন সেন্দুৰৰ অস্তিত্ব কি।কাষত থকালৈকে এজন মানুহ মূল্যহীন,গুৰুত্বহীন কিন্তু হেৰাই গ’লেহে মূল বুজি পায়।নিৰ্মলাৰ ওচৰে পাজৰে বিনয়ৰ উপস্থিতি তাইৰো অভ্যাসেই আছিল এই কথা বিনয়ৰ অনুপস্থিতিয়ে পাকে প্ৰকাৰে সোঁৱৰাই আছে।তাই আজি অনুতপ্ত।তাই উপলব্ধি কৰিছে যে তাইৰ এই অৱস্থাৰ দায়ী তাই নিজেই ,তাইৰ মাক-দেউতাকৰ সপোন পূৰাব নোৱাৰাৰ দায়ী তাই নিজেই,প্ৰেমৰ অন্ধতাত নিজক হেৰুৱাই পেলোৱাৰ দায়ী তাই নিজেই,সেন্দুৰৰ মূল্য ৰাখিব নজনাত দায়ী তাই নিজেই। সময় এতিয়া তাইৰ শাস্তিৰ।উভতি নগ’ল তাই নিজগৃহলৈ।বগা সাঁজ পৰিধানৰ প্ৰতিজ্ঞা লৈ বিনয়ৰ পৰিয়ালৰ কাষ চাপিলে।যত্ন ল’ব তাই ভাগি পৰা বিনয়ৰ মাক-দেউতাকৰ ।কি হৈ গ’ল নিৰ্মলাৰ জীৱনটোত।কতবাৰ ভুল হ’ল সিদ্ধান্তৰ,সময়ৰ,মনৰ।মানসিক নিয়ন্ত্ৰণ হেৰুৱাই খৰ খেদাকৈ জেদত লোৱা সিদ্ধান্তত বুজি নাপালে স্বামী কি । বুজি নাপালে সেন্দুৰৰ প্ৰয়োজনীয়তাৰ মূল। অনলাইন প্ৰেমে কি প্ৰভাৱ পেলালে জীৱনটোত।বাৰে বাৰে কাণত বাজি উঠিছে এসময়ত নিৰ্মলাৰ মাকৰ সেই বাধা দিয়া কথাবোৰ।এইবাৰ তাই শক্তিশালী, কাৰণ দুখ পাহৰিবলৈ নিৰ্মলাই আনৰ আশ্ৰয় লোৱা নাই।জুকিয়াব ধৰিছে সময়বোৰ আৰু এই শিক্ষাৰে তাই জীৱন জীওৱাৰ প্ৰতিশ্ৰুতিৱদ্ধৰে দায়িত্ববোৰ হাতত তুলি লৈছে।