সেউজী ধৰণী – এছ ইছলাম

PC-Adobe Stock
সেউজী ধৰণী 
এছ ইছলাম, শিক্ষক, বৰপেটা
মোক সেউজীয়া হৈ থাকিব দিয়া
তোমালোকে অক্সিজেন গেছ নিয়া
মোৰ বিনন্দীয়া ৰূপত
কুলি কেতেকীয়ে গাব গীত
কবি-সাহিত্যিকে হ’ব মোহিত ।
মোৰ সেউজীয়া দলিচাত
গৰু-ছাগলী চৰাবলৈ নিয়া
বন্যপ্ৰাণীবোৰ হাবি-বননিত
সুৰক্ষিত হ’বলৈ দিয়া ।
জাবৰ-জোথৰ আৰু আৱৰ্জনা
য’তে ত’তে পেলাই নিদিবা
মোৰ জৈৱিক পৰিবেশ
দুষিত নকৰিবা।
যিমানেই জৈৱিক পৰিৱেশ
তোমালোকে দুষিত কৰিবা
সিমানেই বেমাৰে-আজাৰে
বৰকৈ আক্ৰান্ত হ’বা।
মোৰ সেউজী পৰিৱেশ
মানৱ জাতিৰ বাবে অভিলেশ
মানৱ জাতিৰ কৰ্ম্মৰ  দোষত
মোৰ অন্তৰ হয় শোষিত ।
গছ-গছনি যিমানেই ৰুই দিবা
সিমানেই পৰিৱেশ বিশুদ্ধ পাবা
জৈৱিক পৰিৱেশ পাবা ভাল
জীয়াই থাকিবা চিৰকাল।