সেউজী অসম গঢ়ো – বিজুলতা পায়েং

PC - Ugaoo

সেউজী অসম গঢ়ো

বিজুলতা পায়েং, গোগামুখ

বৃক্ষ ৰোপণ কৰি
আহা আমি সবে মিলি
সেউজী অসম গঢ়ো |
কোনো অভিযান ,কোনো আঁচনিৰ
প্ৰলোভনৰ বলিত প্ৰৱঞ্চিত নহৈ
আত্মবিবেক আৰু চিন্তাৰে
সোণৰ অসম গঢ়ো |
গছ-গছনি তহিলং নকৰি
পশু-পশুক নিৰাপদে
ডেউকা মেলি উৰিবলৈ দিওঁ |
জনঅৰণ্যৰ মাজত নিঃচিন্ত হৈ
বনৰীয়া জীৱক বিচৰণৰ বাবে
সেউজী পথাৰৰ সেউজী অসম গঢ়ো |
জীয়াই থাকিবলৈ লাগে
এচাটি কৃত্ৰিম মলয়া-বতাহ
তাতে পোৱা যায়
মানৱ জীৱনৰ উশাহ-নিশাহৰ অমৃত পান |
পাহাৰ- ভৈয়ামে আৱৰা অসম
প্ৰাকৃতিক সৌন্দৰ্যৰে এনেও মনোমোহা
জনে  প্ৰতি সকলোৱে প্ৰতিটো দিনত
এজোপাকৈ গছ পুলি ৰুই অতি যতনেৰে
সাৰ-পানী দি লহপহকৈ বাঢ়ি
তিৰবিৰাই নাচিব দিয়া |
নকৰিবা ধ্বংস প্ৰকৃতিৰ সেউজ পৰিবেশক
ডাঙৰ ডাঙৰ অট্ৰালিকা
আৰু উদ্যোগ গঢ়াৰ স্বাৰ্থত
প্ৰদুষণ মুক্ত কৰি আহা
আমি সকলোৱে প্ৰতিশ্ৰুতি দিওঁ
সেউজী অসম গঢ়াৰ |