সেউজীয়া পৃথিৱীৰ ক্ৰন্দসী ৰাতি- মানসী মিশ্ৰ
সৌ নিজম ৰাতিৰ সংকটটো আজিও
বাজি উঠে দেখোন সেই বিশেষ বন্ধ কুঠৰীৰ ভিতৰত
বহু ঋতু পাৰ হৈ গ’ল, বহু দিন হয়তো শেষ হৈ গল
তথাপিও মোৰ বুকুত ঘনে ঘনে কিয় বাজি উঠে
সেই নিজম নিশাৰ কৰুন গান
এৰা, মোৰ হাততো তাৰ কোনো সঠিক উত্তৰ নাই
দুচকুত আছে মাথো কিছু স্মৃতি ধূসৰিত পৃষ্ঠা
যাক চুব খুজিলেও দেখোন চুই চাব নোৱাৰি
হয়তো মোৰ মনৰ কোঠালীত এয়া সদায়ে বিষাদ ৰাগিণী।
চন্দনৰ সুগন্ধিত যে মৰা শগুনৰ গেলা গোন্ধ হয়
সিদিনই বুজিছিলোঁ, বুজিছিলো মানুহৰ মৰমবোৰ
নিমিষতে কলা এঙাৰত পৰিণত হয়, এৰ এঙাৰ হৈ যায়
বুজিছিলোঁ সিদিনাই, অনুভৱো কৰিছিলোঁ সেই দপ দপ
জুঁইকুৰা কাষত।
যাব খুজিলেই জানো যাব দিব পাৰি
পাহাৰিব খুজিলেই জানো পাহৰিব পাৰি
হৃদয়ৰ ভালপোৱাবোৰক
মাজনিশা সাৰ পাই আকৌ সোধো
পাম নে, এৰা পাম নে তোমাক
লুতৰ বুকুৱেদি গংগাপাৰলৈ বহুবাৰ বিচাৰলোঁ
বিচোৰিলোঁ বহুবাৰ, কিন্তু হায়’! তমাতই বিলীন
আজি তোমাৰ সত্বা, আছে আছে মাথোন
মোৰ ভালপোৱা আৰ ভালপোৱাবোৰ।