সেউজীয়া সুবাস বিচাৰি – ছেলিমা বেগম

PC - FlexJobs

সেউজীয়া সুবাস বিচাৰি

ছেলিমা বেগম ,নগাঁও

গছ কাটি তহিলং নকৰিব ,
গছ আমাৰ পৰম মিত্ৰ
গছে আমাক বিশুদ্ধ অক্সিজেন দিয়ে ।
পৃথিৱীখন সেউজীয়া বাবেই
আমি জীয়াই আছোঁ
সেউজীয়া নাথাকিলে
 এই বিশাল ধৰণীখন নাথাকে ।
প্ৰকৃতিয়ে আমাক দিয়া উপহাৰ
এই উপহাৰ যধে-মধে নাকাটিব
গছে আমাক ফল মূল মৌলিক
প্ৰয়োজনীয় বস্তু দিয়ে।
পাহাৰ কাটি তহিলং  নকৰিব
বসুমতীয়ে সহ্য কৰিব নোৱাৰে
গৰমৰ প্ৰকোপ বাঢ়িব
গোলকীয় উত্তাপ বাঢ়িব
জল বায়ুৰ আমোল পৰিবৰ্তনৰ
 ফলত সৃষ্টি হ’ব পাকৃতিৰ দুৰ্যোগ।
এই দুৰ্যোগৰ পৰা হাত সাৰিবলৈ
আহক আমি প্ৰতিশ্ৰুতি  লওঁ
এটা গছ  কাটিলে এশটা গছ
 পুলি ৰোপণ কৰিম ।
” আহক আমি সেউজীয়া সুবাস বিচাৰি
সেউজীয়া পোছাক পৰিধান কৰোঁ”