সেউজীয়া পথাৰখন – বিশ্বজিৎ বৈশ্য

Pc Unsplash

সেউজীয়া পথাৰখন

বিশ্বজিৎ বৈশ্য
বংশৰ, শুৱালকুছি

সেউজীয়া পথাৰ খনত এতিয়া কৃষকৰ অশেষ পৰিশ্ৰমৰ শেষত জীপাল হোৱা ক্ষণ । অসমীয়া সমাজ জীৱনৰ অন্য এক উৎসৱৰ বিহু হ’ল কাতি বিহু আৰু এই বিহুতে তুলসীৰ তলত চাকি-বন্তি জ্বলাই শঁইচ, ধন সম্পত্তিৰে উভয়নদী হোৱাৰ কামনাৰে প্ৰাৰ্থনা কৰাৰ সময় এয়া। চহা কৃষক সকলে কপালৰ ঘাম মাটিত পেলাই নিজৰ নিজৰ খেতি মাটি ডৰাত গুৰুত্ব দিয়ে। যাতে পথাৰবোৰ সেউজীয়া হৈ প্ৰাণময় জীৱনৰ মাদকতাৰে উভয়নদী হৈ পৰে।কৃষকসকলৰ সাধনাৰ সাক্ষী হৈছিল এই পথাৰবোৰ। পথাৰবোৰৰ কথা ভাৱি কৃষক সকলে বিচাৰি পাই নতুনত্বৰ এক সোৱাদ। যাৰ পৰিপেক্ষিতত মুখত হাহি বিৰিঙি উঠা দেখা যায়। সমান্তৰাল ভাৱে চাৱলৈ গ’লে কৃষকসকল আৰু মাটিৰ প্ৰতিটো মুহূৰ্ত যেন স্মৃতিৰ শান্তি। আৰু এই শান্তিৰ দ্বাৰাই পৰম ঈশ্বৰক প্ৰাৰ্থনা কৰে।সাত পৰে মনবোৰ যেতিয়া খেতিপথাৰত সেউজীয়া সোনগুটিয়ে গেৰ মেলে।