সেউজীয়া গছবোৰ আমাৰ মিত্ৰ – ছেলিমা বেগম

PC - The Economic Time
সেউজীয়া গছবোৰ আমাৰ মিত্ৰ 
ছেলিমা বেগম
শুনা শুনা সবে লগৰীয়া গণ
গছ যে পৰম মিত্ৰ ,
গছ কাটিলে যে দুখ পাই মনে
গছৰ নহ’বা শত্ৰু।
এটা গছ কাটি এশটা ৰোপন
সকলোৱে লোৱা পণ ,
গছে দিয়ে ফল ফল খালে ভাল
জীয়াই থাকে যে প্ৰাণ ।
গছে  দে   বিশুদ্ধ  অক্সিজেন জানি
উশাহ-নিশাহ লওঁ ,
 গছ থাকিলে যে  বায়ু প্ৰদূষণ
সবে জানি বুজি থওঁ ।
সেউজীয়া সাজ পৰিধান কৰা
গছক জীয়াই ৰাখা ,
গছ থাকিলে হে জীয়াই থাকিম
এই কথা মনত ৰাখা।
গছৰ পৰা যে হয় উপকাৰ
মূল্যৱান বস্তু পাওঁ,
কাঠ , কাগজ যে গছে দিয়ে জানি
সেউজীয়া সোণ পাওঁ।
সেউজ পৃথিৱী সেউজীয়া কৰি
জীয়াই থাকিম আমি,
বেমাৰ মুক্ত হৈ  পৃথিৱীক  ৰক্ষা
কৰি ৰাখিবা যে তুমি।