সেউজীয়াৰ সুবাস বিচাৰি
সঞ্জীৱ গগৈ,
যোৰহাট,মেলেংগ্ৰাণ্ট ভোগপুৰ
সংকটৰ কবলত
শুকান মৰুৰ বালিত
চলাথ কৰিছোঁ
সেউজীয়াৰ সুবাস বিচাৰি,
কিজানিবা দেখোৱেই
অনাৰ্দ্ৰ প্ৰান্তত এখন
সেউজীয়া মৰূদ্যান।
এদিন মৰুস্থল নাছিল এই ঠাই
আছিল অজস্ৰ তৰু তৃণই আৱৰা
উৰ্ব্বৰ প্ৰান্তৰ,
এতিয়া বিশ্বায়ন,যান্ত্ৰিকতাৰ যুগ
যাৰ কবলত প্ৰতিপদে চূৰ্ণাকৃত হৈ
ধূলিস্যাৎ হৈ পৰিল সেউজ সত্তা।
এতিয়া দুৰ্দশাত চিৎকাৰ কৰি
অৱসাদগ্ৰস্ত হৈ পৰিছোঁ,
কণমান সেউজ সুবাস বিচাৰি
বাৰম্বাৰ হামখুৰি খাই পৰিছোঁ
মৰুৰ বালিত।
পৰিস্থিতি সলাব লাগিব
সময় থাকোতেই ৰোধিব লাগিব
বিপদৰ হুংকাৰ,ধ্বংসৰ আস্ফালন,
মৰুৰ বুকুত সিঁচিব লাগিব সাৰুৱা পলস
উষ্ম বালিত ৰোপণ কৰিব লাগিব
সেউজীয়া প্ৰত্যাশা।
আশা কৰোঁ,বালিময় প্ৰান্তৰ আকৌ সজীৱ হ’ব
সঁজাল ধৰি উঠিব শুকান মৰু,
ধ্বংসৰ অৱসান ঘটাই
সমস্ত শিপাই পৰিব সেউজীয়াবোৰ
শূন্যত বিলাই দিব বতাহে
সেউজীয়াৰ অনাবিল সুবাস।