সেই বৰষুণজাক
বৰষা ৰাণী হাজৰিকা
নীলা আকাশখনৰ বুকুৰ
মুক্ত চৰাইজাকৰ দৰে
উন্মানা হৈ একেটা ছাতিৰ তলত
তুমি মই উপভোগ কৰি আছিলোঁ
এজাক বৰষুণ…
আমাৰ বাবে বিশেষ বৰষুণ…!
তেতিয়াই আহিছিল অচিনাকী বতাহজাক
উৰুৱাই নিছিল আমাৰ মূৰৰ ওপৰত থকা সেই ছাতিটো
ভয়ত নে ভাললগাত আতুৰ হৈ নাজানো
মাথোঁ বিলীন হৈ পৰিছিলো আমি
সেই বৰষুণজাকৰ প্ৰেমত…
বেয়া লগা নাছিল সেই ক্ষণ
উফ…!
কি যে মিঠা অনুভৱ…!
বৰষুণৰ টোপালবোৰে আমাৰ চকু-মুখত সানি দিছিল
মিঠা মিঠা, ভাল লগা
সপোন যেন লগা
এটি ৰোমাঞ্চিত অনুভূতি ।
তেতিয়াই ৰঙচুৱা বেলিটি
পশ্চিমত ডুব যোৱাৰ সময় হৈছিল
নামি আহিছিল সন্ধিয়াটো
ধৰি ৰখাৰ কথা আছিল
কিন্তু সময় যে গতিশীল
দূৰন্ত দেশৰ উৰন্ত চৰাইৰ দৰে
উৰি গৈছিল আমাৰ আহ্বানক
প্ৰত্যাখান কৰি…
বেজাৰ মনে উভতিছিলো
সময়ৰ ওচৰত আমি যে পৰাজিত নায়ক।
যাওগৈ বলা…!
আকৌ আহিম এদিন
ঠিক এনেকুৱাই এটি
আবেলি পৰত…
মন ভৰাই তিয়াম নিজক…
তোমাৰ মোৰ নামতেই
লিখিম দিনলিপি
স্মৃতি নামৰ নতুন ঘাটত…